আন্তঃৰাষ্ট্ৰীয়খেল
Trending

ভাৰতত আনন্দৰ লহৰ, ইতিহাস ৰচিলে উত্তৰ-পূৰ্বাঞ্চলৰ মীৰাবাই চানুৱে

মীৰাবাই চানুৱে ভাৰোত্তোলনৰ ৪৯ কি.গ্ৰা. শাখাত ৰূপৰ পদক জিনি গৌৰৱ কঢ়িয়ালে ভাৰতলৈ

মীৰাবাই চানুক লৈ গৰ্বিত ভাৰতীয়। টকিঅ’ অলিম্পিকত পদক জয়ৰে ইতিহাস ৰচিলে উত্তৰ-পূবৰ জীয়ৰী মীৰাবাই চানুৱে। মীৰাবাই চানুৱে ভাৰোত্তোলনৰ ৪৯ কি.গ্ৰা. শাখাত ৰূপৰ পদক জিনি গৌৰৱ কঢ়িয়ালে ভাৰতলৈ।

প্ৰথমবাৰৰ বাবে অলিম্পিকৰ প্ৰথম দিনটোতে পদক জয়ৰ সোৱাদ পালে দেশবাসীয়ে। টকিঅ’ অলিম্পিকৰ প্ৰথম দিনটোতে মণিপুৰৰ জীয়ৰী চাইখম মীৰাবাইৰ সফলতাত আৱেগিক পূৰ্বাঞ্চলবাসী। ভাৰোত্তোলনত ৰূপৰ পদক জয় কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত মীৰাবাই চানু। চানুৱে ক্লিন এণ্ড জাৰ্কত ১১৫ কি.গ্ৰা. আৰু স্নেচত ৮৭ কি.গ্ৰা., মুঠ ২০২ কি.গ্ৰা. ওজন উঠাই পদক আজুৰিবলৈ সক্ষম হয়।

মীৰাবাইৰ সফলতাত শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে সমগ্ৰ ভাৰতীয়ই। ইতিমধ্যে, মীৰাবাই চানুৰ বাবে মণিপুৰ চৰকাৰে ঘোষণা কৰিছে ১ কোটি টকাৰ পুৰস্কাৰ।

অলিম্পিকত সফলতা অৰ্জন কৰাৰ পাছত দেশবাসীকো ধন্যবাদ জ্ঞাপন কৰিলে ভাৰোত্তোলক মীৰাবাই চানুৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.