জম্মু-কাশ্মীৰভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

জম্মুৰ বায়ুসেনা কেন্দ্ৰত বিস্ফোৰণ, দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি নমাই আনিছে ভাবুকি!

জম্মুৰ এয়াৰপৰ্টত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা

দুটাকৈ বিস্ফোৰণে জোকাৰিছে জম্মু। জম্মুৰ এয়াৰপৰ্টত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। দেওবাৰে পুৱতি নিশা বায়ুসেনা কেন্দ্ৰত সংঘটিত হয় এই বিস্ফোৰণ।

বিস্ফোৰণৰ ফলত বায়ুসেনা কেন্দ্ৰৰ কোনো লোকৰে ক্ষতি সাধন হোৱা নাই বুলি সদৰী কৰিছে বায়ুসেনা বিভাগে।

উল্লেখযোগ্য যে, পুৱতি নিশা ১ বাজি ২৭ মিনিট আৰু ১ বাজি ৩২ মিনিটত সংঘটিত হোৱা এই বিস্ফোৰণৰ মাজত মাত্ৰ পাঁচ মিনিট সময়ৰ ব্যৱধান আছিল। কম তীব্ৰতাৰ এই বিস্ফোৰণটোৰ ফলত বায়ু সেনা কেন্দ্ৰটোৰ কম পৰিমাণে ক্ষতি সাধন হোৱাৰ লগতে দুজন বায়ুসেনাৰ বিষয়া কম পৰিমাণে আহত হৈছে।

ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ কৰা হৈছে কঠোৰ তদন্ত। এই বিস্ফোৰণ সংঘটিত কৰিবৰ বাবে ড্ৰোনৰ ব্যৱহাৰ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে ৰাডাৰৰ জৰিয়তে এই ড্ৰোনৰ গতি-বিধি ধৰা পেলাব পৰা নাই।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে এয়াৰ ষ্টাফৰ উপ-প্ৰধানৰ সৈতে আলোচনাত মিলিত হৈছে। জম্মুৰ বায়ুসেনা কেন্দ্ৰৰ উচ্চ সুৰক্ষাৰ কাৰিকৰী এলেকাত হোৱা এই বিস্ফোৰণে দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই আনিছে। কটকটীয়া নিৰাপত্তাৰ মাজতো কিদৰে এই ঘটনা সংঘটিত হ’ল, তাকে লৈ সচেতন মহলত আলোচনাৰ আৰম্ভ হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.