অসমজীৱনশৈলী

তাজমহলৰ সন্মুখত ৰ’দ-বৰষুণ একেলগে, মৰমতে ভাস্কৰৰ কপালত চুমা আঁকিলে বৰষাই…

যোৱা কেইবাদিনৰ পৰা বিশেষভাৱে চৰ্চাত আছে অভিনেত্ৰী বৰষা আৰু স্বামী ভাস্কৰ। মুখত অনবৰতে মিচিকিয়া মিঠা হাঁহি কঢ়িয়াই ফুৰা ভাস্কৰ-বৰষাৰ এখন ফটোৱে তোলপাৰ লগাইছে সকলোতে। কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত বৰষাই শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো।

ভাস্কৰ-বৰষা। অনুৰাগীৰ মাজত প্ৰায়ে চৰ্চিত এটি যুটি। ২২ ফ্ৰেবুৱাৰী ২০২১, সেই বিশেষ দিনটোতে যুগ্মজীৱনৰ সাক্ষী হৈছিল ভাস্কৰ-বৰষা। আৱদ্ধ হৈছিল বিবাহপাশত। তেতিয়াৰে পৰা যেন বহুতৰে প্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ স্বামী ভাস্কৰ বৰুৱাও হৈ পৰিল বহুতৰে প্ৰিয়।

পিছে এতিয়া কিহত ব্যস্ত বৰষা-ভাস্কৰ? যোৱা কেইবাদিনৰ পৰা বিশেষভাৱে চৰ্চাত আছে অভিনেত্ৰী বৰষা আৰু স্বামী ভাস্কৰ। মুখত অনবৰতে মিচিকিয়া মিঠা হাঁহি কঢ়িয়াই ফুৰা ভাস্কৰ-বৰষাৰ এখন ফটোৱে তোলপাৰ লগাইছে সকলোতে। কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামত বৰষাই শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো। দিল্লীত ভ্ৰমণৰ আমেজ লোৱাত ব্যস্ত হৈ থকাৰ মাজতে বৰষাৰাণী বিষয়াই নিজৰ অফিচিয়েল পেজত শ্বেয়াৰ কৰিলে এই ফটো।

তাজমহলৰ সন্মুখত ৰ'দ-বৰষুণ একেলগে, মৰমতে ভাস্কৰৰ কপালত চুমা আঁকিলে বৰষাই...

তাজমহলৰ সন্মুখত প্ৰেমৰ আলিংগনত ব্যস্ত বৰষা-ভাস্কৰ। ফটো শ্বেয়াৰ কৰি বৰষাই লিখিছে-ৰ’দ বৰষুণ together at Tajmahala – sharing pics on heavy public demand 😝😝।

ছাহজাহানৰ পত্নী মমতাজলৈ থকা প্ৰেমৰ প্ৰতীক হিচাপে নিৰ্মিত তাজমহলৰ সন্মুখত বৰষাই স্বামী ভাস্কৰৰ কপালত চুমা আঁকি নিৱেদন কৰিছে অফুৰন্ত ভালপোৱা। নিজকে ৰ’দ-বৰষুণৰ লগত তুলনা কৰি কেপচন দিলে ৰ’দ-বৰষুণ together at Tajmahal। অভিনেত্ৰীগৰাকীৰ এই বিশেষ ফটোৱে অনুৰাগীক দিছে বিশেষ মাদকতা। সকলোৱে দুয়োৰে যুটীক কমেন্টযোগে জ্ঞাপন কৰিলে শুভেচ্ছা।

উল্লেখ্য যে, সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা বৰষাই প্ৰায়ে শ্বেয়াৰ কৰে দুয়োৰে ৰোমাঞ্চকৰ ফটো। তেওঁলোকৰ প্ৰেমৰ বান্ধোন কিমান শক্তিশালী, সেয়া তেখেতৰ ফটোৰ জৰিয়তেই ফুটি উঠে। স্বামী ভাস্কৰে উঠোৱা ফটো বৰষাৰ যেন অত্যন্ত প্ৰিয়।

তাজমহলৰ সন্মুখত ৰ'দ-বৰষুণ একেলগে, মৰমতে ভাস্কৰৰ কপালত চুমা আঁকিলে বৰষাই...

সেয়েহে, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোৰ প্ৰতিটো কেপচনতে স্বামী ভাস্কৰলৈ ভালপোৱাৰ নিৱেদন আগবঢ়ায় বৰষাই।`

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + four =

Back to top button