Assamweatherজম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰত অসমৰ BSF জোৱানৰ মৃত্যু

আখনুৰৰ সীমান্তত পহৰাৰ দায়িত্বত আছিল জোৱানজন

জম্মু-কাশ্মীৰত প্ৰকৃতিয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ মাজতে ডাৱৰ বিস্ফোৰণ লগতে বানপানী আৰু ভূমিস্খলনে জন জীৱন ব্যাহত কৰি তুলিছে ।তাৰ মাজতেই জম্মুৰ সমীপৰ আখনূৰ ছেক্টৰৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ।জম্মু-কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ পিছতেই বানে উটুৱাই নিছিল সেনাৰ কেম্প আৰু সেই ঘটনাতেই মৃত্যুক আকোৱালি ল’ব লগা হ’ল এজন অসম সন্তানে।

জানিব পৰা মতে ৱাটছ টাৱাৰ ভাঙি পৰাত মৃত্যু হয় জোৱানজনৰ।মৃত জোৱানজন কাছাৰৰ দয়াপুৰৰ ৰাজীৱ নুনীয়া ।ইয়াৰ উপৰিও মাত্ৰ দুমাহ পূৰ্বে BSFত যোগদান কৰিছিল ৰাজীৱ নুনীয়াই।BSFত যোগদান কৰিয়েই জম্মুত নিয়োজিত হৈছিল ৰাজীৱ।ইতিমধ্যে ৰাজীৱ নুনীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.