leatest updateঅপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

পংকজ নে নালিয়া; প্ৰকৃততে প্ৰণৱ দাস কোন! মিছা মাতিছে নেকি প্ৰনৱ দাসে?

প্ৰনৱ দাসৰ পত্নীৰ চাঞ্চল্যকৰ ভাষ্য়ই এতিয়া কঁপাইছে ৰাজ্য়।

প্ৰকৃততে প্ৰণৱ দাস কোন! নিজকে জোনমণি ৰাভাৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰনৱ দাসে মিচা মাতিছে নেকি? খোল খাইছে প্ৰণৱ দাসৰ এটাৰ পিছত এটা ন-ন পৃষ্ঠা। প্ৰণৱ দাসৰ প্ৰকৃত নাম ‘প্ৰণৱ’ হয়নে? প্ৰনৱ দাসৰ পত্নীৰ চাঞ্চল্যকৰ ভাষ্য়ই এতিয়া কঁপাইছে ৰাজ্য়। পত্নীৰ মতে প্ৰনৱৰ প্ৰকৃত নাম নালিয়া আৰু পংকজ দাসহে। ৭, ৮ গৰাকীকৈ পত্নী আছে প্ৰণৱ দাসৰ। প্ৰণৱ দাস প্ৰকৃততে এটা গভাইত চোৰ। এগৰাকী পত্নীৰ মুখেৰেই প্ৰকাশ প্ৰণৱৰ এই আখ্যান।

উল্লেখ্য যে, দুৰ্ঘটনাৰ দিনা সন্ধিয়ালৈকে বোকাখাততে আছিল প্ৰণৱ দাস। নামঘৰীয়াৰ মতে ৰাতি ৮টাৰ লৈকে গাৱঁৰ নামঘৰতে আছিল প্ৰনৱ দাস। ৰজাবাৰীৰ এখন ফাৰ্মাচীলৈয়ো গৈছিল প্ৰনৱ দাস। ফাৰ্মাচীখনৰ চি চি টি ভিৰ দৃশ্যই পোহৰলৈ আনিছে এই তথ্য। CCTVত বন্দী হোৱা এই দৃশ্যাংশক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।

প্ৰকৃততে ন্যায় পাবনে জোনমণি ৰাভাই। অধিক ৰহস্যৰ আৱৰ্তত এতিয়া জোনমণি ৰাভাৰ মৃত্যু।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button