অপৰাধঅসমঅসম আৰক্ষী

পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা, কেৰাচিন ঢালি হত্যাৰ চেষ্টা! মৰণ কাতৰ আৰ্তনাদ নিৰ্যাতিতাৰ…

তেজপুৰত বোৱাৰীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ পৰিয়ালৰ।

পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা। তেজপুৰত সংঘটিত হৈছে এই ঘটনা। তেজপুৰত বোৱাৰীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ পৰিয়ালৰ।

বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক হিচাপে বিভিন্ন সময়ত টকা পইচা দাবী কৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল বোৱাৰীগৰাকীক। এই নিৰ্যাতন সম্পৰ্কে বহুবাৰ ৰাইজমেল অনুষ্ঠিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰা হৈছিল যদিও বন্ধ হোৱা নাছিল স্বামীৰ পৰিয়ালৰ নিৰ্যাতন।

অৱশেষত ২২ ফেব্ৰুৱাৰীত পুৱা স্বামীৰ পৰিয়ালৰ লোকে শহুৰ মামা আব্দুল বাৰেকৰ নিৰ্দেশ অনুযায়ী স্বামী আনাৰুলহক, শহুৰ জামালউদ্দিন, শাহুৱেক আমানুল হকে মিলি বোৱাৰীগৰাকীৰ গাত কেৰাচিনৰ তেল ঢালি জ্বলাই প্ৰাণে মৰাৰ চেষ্টা কৰে। পিছত ওচৰ চুবুৰীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে বোৱাৰীগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.