অসমআঞ্চলিক

মধ্যাহ্ন ভোজনৰ খাদ্যত ওলাল জেঠী! গুৰুতৰভাৱে অসুস্থ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী

হাজোৰ জাপিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

হাজোত মধ্যাহ্ন ভোজনৰ খাদ্যত ওলাল জেঠী! গুৰুতৰভাৱে অসুস্থ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী…

হাজোৰ জাপিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা, জাপিয়া এক নং প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ খাদ্যত ওলাল জেঠী।।খাদ্য খাই অসুস্থ হৈ পৰিল বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী।

অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন নামৰ সংস্থাই বিতৰণ কৰা খাদ্যৰ দাইলত ওলাল মৰা জেঠী, ৰান্ধনীয়ে বিতৰণ কৰাৰ সময়তে দাইলত পৰিল এটা মৃত জেঠি। ৰান্ধনীয়ে মৃত জেঠিটো বিচাৰি দাইলত পোৱাৰ পূৰ্বেই বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিছিল খাদ্য। এই খাদ্য খোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল বমি, পেটৰ বিষত আক্রান্ত হয়।

শিক্ষক তথা স্থানীয় ৰাইজৰ তৎপৰতাত জাপিয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে প্ৰাথমিক চিকিৎসা চলাই। কণ-কণ শিশু সকলৰ প্ৰতি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন কৰ্তৃপক্ষই লোৱা চৰম দায়িত্বহীন কৰ্ম কাণ্ডৰ বাবে জাঙুৰ খাই উঠিছে হাজোৰ সচেতন মহল। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ জিলা প্ৰশাসনক অনুৰোধ স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.