অপৰাধভাৰত

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা! দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে চেন্নাইৰ যুৱকে…

অসমৰ বাহিৰত এতিয়া নিৰাপত্তা নাইকিয়া হৈছে অসমীয়া যুৱক-যুৱতীৰ৷ সঘনাই বহিঃৰাজ্যত সংঘটিত হ’বলৈ লৈছে অসমীয়া যুৱক-যুৱতীৰ মৃত্যু

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা! দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে চেন্নাইৰ যুৱকে…

অসমীয়া যুৱকক পুনৰ বহিঃৰাজ্যত দাৰে ঘপিয়াই ঘপিয়াই হত্যা! অসমৰ বাহিৰত এতিয়া নিৰাপত্তা নাইকিয়া হৈছে অসমীয়া যুৱক-যুৱতীৰ৷ সঘনাই বহিঃৰাজ্যত সংঘটিত হ’বলৈ লৈছে অসমীয়া যুৱক-যুৱতীৰ মৃত্যু৷ কিছু সংখ্যকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰে৷

কিছুদিন পূৰ্বে এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি ল লৈছিল বহিঃৰাজ্যত৷

এইবাৰ অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া যু্ৱক সোনটো গগৈক হত্যা কৰা হ’ল চেন্নাইত ৷ যুৱকজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলা বৰবীল গাঁৱত বুলি জানিব পৰা গৈছে৷ এজনী কনমাণি আৰু পত্নীক ঘৰত থৈ কামৰ সন্ধানত গাঁৱৰে লগৰ এজনৰ লগত গৈছিল বহিঃৰাজ্য চেন্নাইলৈ৷

চেন্নাইৰ এটা ষ্টেচনত নামি নিশা বহি থাকোতেই সংঘটিত হয় ভয়ংকৰ ঘটনাটো৷ কিছু কথাত চেন্নাইৰ যুৱকৰ সৈতে খেলিমেলি হোৱাত চেন্নাইৰ যুৱক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে যুৱকজনক৷

 

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + sixteen =

Back to top button