অসম

সপ্তাহত এই ৪ দিনত ধুব লাগে চুলি, বৃদ্ধি পায় ধন আৰু সৌন্দৰ্য্য !

কোনদিনা চুলি ধুলে জীৱনত প্ৰভাৱ পৰে সেই কথা জানো আহক

হিন্দু ধৰ্মত চুলি ধোৱাৰ বাবে শুভ আৰু অশুভ দিনৰ কথা উল্লেখ কৰা হৈছে। ইয়াতো মহিলাৰ ক্ষেত্ৰত বিভিন্ন নিয়ম আছে। অৰ্থাৎ অবিবাহিত ছোৱালী আৰু বিবাহিত মহিলাৰ বাবে চুলি ধোৱাৰ শুভ দিনবোৰ পৃথকে পৃথকে কোৱা হৈছে। যদি ধৰ্ম আৰু জ্যোতিষত উল্লেখ কৰা নিয়ম অনুসৰি চুলি ধোৱা হয়,তেন্তে ব্যক্তিজনৰ সৌন্দৰ্য্য বাঢ়ি যায়।

ইয়াৰ লগতে ঘৰত ধন-সম্পত্তিও বৃদ্ধি পায়। আনহাতে, ভুল দিন বা অশুভ দিনত চুলি ধুলে জীৱনত নেতিবাচকতা বৃদ্ধি পায়। কোনদিনা চুলি ধুলে জীৱনত প্ৰভাৱ পৰে সেই কথা জানো আহক –

শুকুৰবাৰঃ শুকুৰবাৰে চুলি ধোৱাটোৱেই আটাইতকৈ শুভ। মা লক্ষ্মী আৰু শুক্ৰ দেৱ দুয়ো এই দিনটোত চুলি ধুলে দয়ালু হৈ পৰে। বহুত টকা পায়। কেৱল এয়াই নহয় শুকুৰবাৰে চুলি ধুলে সৌন্দৰ্য্যও বৃদ্ধি পায়।

দেওবাৰঃ দেওবাৰ বন্ধৰ দিন হোৱাৰ বাবে বেছিভাগ মানুহেই শ্বেম্পু কৰে, কিন্তু বিবাহিত মহিলাসকলে এই দিনটোত চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে।

শনিবাৰঃ শনিবাৰে চুলি ধুব নালাগে। বিশেষকৈ বিবাহিত মহিলাসকলে শনিবাৰে কেতিয়াও চুলি ধুব নালাগে। ইয়াৰ ফলত শনি দেৱৰ খং উঠে।

মঙলবাৰঃ বিবাহিত মহিলাসকলে মঙলবাৰেও মূৰ ধুব নালাগে। এই দিনটোত চুলি ধুলে ঘৰত নেতিবাচকতা বৃদ্ধি পায়। আনকি অবিবাহিত ছোৱালীয়েও মঙলবাৰে চুলি ধুব নালাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.