জীৱনশৈলীস্বাস্থ্য

আপুনিও ভুগিছে নেকি চুলি সৰাৰ সমস্যাত! তেন্তে জানো আহক আপোনাৰ এই সমস্যাৰ সমাধান

দি আপুনি চুলি দীঘল কৰিব বিচাৰিছে তেন্তে এই ৪ প্ৰকাৰৰ তেল ব্যৱহাৰ কৰিব পাৰে

মহিলাসকলৰ সমান্তৰালকৈ পুৰুষসকলেও ভুগিছে চুলি সৰাৰ সমস্যাত। চুলি সৰাটো বৰ্তমান হৈ পৰিছে প্ৰধান সমস্যা। ধূলি, মলি, উফি আৰু আৰ্দ্ৰতাৰ বাবে চুলিয়ে বহু অসুবিধাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। যদি চুলিৰ যত্ন ভালদৰে লোৱা নহয়, তেন্তে চুলিৰ ওপৰত মলি জমা হয়, যাৰ বাবে চুলিৰ সমস্যা ইটোৰ পিছত সিটোকৈ বাঢ়ি যায়। এনে অৱস্থাত চুলি সৰিবলৈও আৰম্ভ হয়। যদি আপুনি চুলি দীঘল কৰিব বিচাৰিছে তেন্তে এই ৪ প্ৰকাৰৰ তেল ব্যৱহাৰ কৰিব পাৰে। যাৰ দ্বাৰা কম পৰিমাণে হ’লেও বন্ধ হ’ব আপোনাৰ চুলি সৰাৰ সমস্যা। লগতে আপোনাৰ চুলি দীঘল কৰাৰ ইচ্ছাও পূৰণ হ’ব। এই তেল সমূহহে চুলিৰ বৃদ্ধিত সহায় কৰে। এই তেল প্ৰয়োগ কৰিলে চুলি গজা আৰু দীঘল হোৱাত সহায় কৰে। লগতে এই তেলবোৰে চুলি সৰা ৰোধ কৰাত ভাল প্ৰভাৱ দেখুৱায়। চুলিৰ বাবে পিঁয়াজৰ তেল সবাতোতকৈ উত্তম বুলি গণ্য কৰা হয়। সহজে ঘৰতে এই তেল প্ৰস্তুত কৰিব পৰা যায়। ইয়াৰ বাবে পিঁয়াজখিনি মিহিকৈ কাটি নাৰিকল তেলত সিজাই তেলখিনি ফিল্টাৰ কৰি এটা বটলত ভৰাই থ’ব পাৰে। চুলি ধোৱাৰ আগতে লগাব লাগে এই তেল। পিঁয়াজৰ তেলৰ বাদেও চুলিৰ বাবে কপ কপ তেল উপযোগী জানো আহক।

 

 

নাৰিকল তেলঃ চুলিৰ বাবে উত্তম তেল হ’ল নাৰিকল তেল। এই তেল সম্পূৰ্ণ প্ৰাকৃতিক। ভিটামিন ই আৰু এন্টি অক্সিডেন্টযুক্ত নাৰিকল তেল কেৱল চুলিৰ বৃদ্ধিৰ বাবেই নহয়, চুলিৰ পৰা জমা হোৱা উফি আঁতৰাবলৈও সহায় কৰে

বাদাম তেল তথা আলমণ্ড অইলঃ ভিটামিন ই ৰ লগতে আলমণ্ড অইলত মেগনেছিয়ামও থাকে যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে। এই তেল মূৰত লগোৱাৰ উপৰিও খাদ্যৰ লগতো ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰি। চুলি সৰা ৰোধতো আলমণ্ড অইল সহায়ক।

চাহ গছৰ তেলঃ চাহ গছৰ তেল প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰ’বিয়াল গুণেৰে ভৰপূৰ। এই তেল প্ৰয়োগ কৰিলে চুলিৰ গুৰিবোৰ খোল খায় আৰু চুলিৰ শিপাবোৰ মজবুত হোৱাত সহায় কৰে। এই তেল আন যিকোনো তেলৰ লগত মিহলাইও চুলি লগাব পাৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.