চিকিৎসাদৈনিক বাতৰিভাৰতস্বাস্থ্য

মুৰত চুলি গজা নিশ্চয় দেখিছে, কিন্তু জিভাত চুলি গজা দেখিছেনে কেতিয়াবা?

মানব শৰীৰৰ বিভিন্ন অংগত চুলি গজাটো সাধাৰণ কথা, কিন্তু আপুনি কেতিয়াবা মানুহৰ জিভাত চুলি গজা দ্খিছেনে? নতুন দিল্লীত সংঘটিত হৈছে এনে অশ্বৰ্যজনক ঘটনা।

এক অশ্বৰ্যকৰ ঘটনা! জিভাত গজিল কলা চুলি।

মানব শৰীৰৰ বিভিন্ন অংগত চুলি গজাটো সাধাৰণ কথা, কিন্তু আপুনি কেতিয়াবা মানুহৰ জিভাত চুলি গজা দ্খিছেনে?
নতুন দিল্লীত সংঘটিত হৈছে এনে অশ্বৰ্যজনক ঘটনা। এজন লোকৰ জিভাত গজি উঠিছে কলা বৰণৰ চুলি। যিয়ে এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

জানিব পৰা মতে, দিল্লীৰ এজন লোক দীৰ্ঘদিন ধৰি উচ্চৰক্তচাপত ভুগি আছিল। যাৰ বাবে তেওঁৰ হঠাৎ ষ্ট্ৰোক আহে আৰু ফলত তেজৰ চলাচল আৰু মগজুলৈ অক্সিজেনৰ চলাচল বন্ধ হৈ যায়। সোভাগ্যক্ৰমে ৰোগীজনৰ প্ৰাণ ৰক্ষা পৰে যদিও লোক জনৰ শৰীৰত বাহ্যিক তথা আভ্যন্তৰীণ অস্বাভাৱিক লক্ষণে দেখা দিয়ে। তাৰ ভিতৰত এটা আছিল জিভাত চুলি গজা সমস্যা।

সমান্তৰালকৈ একে ঘটনা ভাৰতৰো এজন লোকৰ দেহত দেখিবলৈ পোৱা গৈছিল। ৫০ বছৰীয়া এজন লোকৰ শৰীৰৰ সোঁফালটো সম্পূৰ্ণ বিকল হৈ পৰাৰ পাছত খাবলৈ অসুবিধা হোৱাত চিকিৎসকে তেওঁৰ জিভাত চুটি কলা চুলি প্ৰত্যক্ষ কৰিছিল- এই কথা প্ৰকাশ কৰিছে জামা দাৰমাতলজীচে (Jama Dermatolagy)।

আচলতে জিভাত কলা চুটি চুলি গজি উঠাৰ মুল কাৰণ হৈছে এবিধ পাপিলাই নামৰ বেক্টেৰিয়া। এই বেক্টেৰয়াবিধ যদি সময় থাকোতেই আঁতৰাই দিয়া নহয় তেন্তে ই মানুহৰ জিভাত চুলি গজাত অৰিহনা যোগাই।
তদুপৰি মানুহৰ জিভাত চুলি গজাৰ আন কিছুমান কাৰণো থাকিব পাৰে। যেনে, চিগাৰেট সেৱন, অত্যধিক মদ্যপান, ড্ৰাগছ সেৱন, কিছুমান দৰৱৰ সেৱন ইত্যাদি।

সাধাৰণতে ৪০ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত এনেধৰণৰ লক্ষণ দেখা যায়। বিশ্বৰ ১৩ শতাংশ লোকে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হয় যদিও উপযুক্ত চিকিৎসাৰ জৰিয়তে এই সমস্যা সমাধান কৰিব পাৰি।

এই ৰোগৰ কিছুমান লক্ষণ হ’ল –

বিষ
পেৰেলাইছিছ
চকুৰে ধোৱলী-কোৱলী দেখা
কথা কবলৈ সমস্যাৰ সৃষ্টি হোৱা
মাংস পেশীৰ দূৰ্বলতা
মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা… আদি।.

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button