অৰ্থনৈতিকঅসমৰাজনৈতিক

সদনত হুলস্থূল! অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ

বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে সদনৰ পৰা বহিষ্কাৰ কৰা হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈক

অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ। বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে সদনৰ পৰা বহিষ্কাৰ কৰা হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈক। ৰাজ্যপালৰ বাজেট ভাষণৰ সময়ত বাৰে বাৰে হুলস্থুল কৰাৰ বাবে বহিষ্কাৰ অখিল গগৈক। ভুল তথ্যৰে ৰাজ্যপালৰ ভাষণ যুগুত কৰাৰ অভিযোগ অখিল গগৈৰ। ভাষণত মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ বিধায়কজনৰ।

বহিষ্কাৰ হোৱাৰ পিছত বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হৈছে, চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিকটন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিকটন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। চৰকাৰ বিফল হৈছে। অথচ ইয়াত কোৱা হৈছে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। ৰাজ্যপালে মিছা কথা কৈ থাকিব আৰু জনপ্ৰতিনিধি হিচাপে আমি মনে মনে বহি থাকিম, সেয়া হ’ব নোৱাৰে।’’

‘‘এই চৰকাৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল। ১০ মে’ ২০২২ৰ ভিতৰত নিযুক্তি দিম বুলি কৈছিল। ইয়াত কোৱা হৈছে যে ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিবনুৱা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক’ৰবাত ব্যৱস্থা গ্ৰহণ কৰিছেনে? ৰাজ্যপালৰ ভাষণত ১ লাখ নিবনুৱাৰ নিযুক্তি সম্পৰ্কে মিছা কথাৰ অৱতাৰণা কৰা হৈছে। কি কৰিলে ক’ত কৰিলে আমি কোনেও নাজানো। এনে মিছা কথা জনপ্ৰতিনিধিয়ে শুনি থকা উচিত নহয়। প্ৰতিবাদ কৰাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে। এই সংগ্ৰাম অব্যাহত থাকিব, ৰাইজৰ পক্ষত সদায় অৱস্থান গ্ৰহণ কৰি থাকিম। সদনৰ পৰা বহিষ্কাৰ হোৱাই নহয়, লাগিলে বিধানসভাৰ সদস্যপদ ত্যাগ কৰিম, কিন্তু ৰাইজৰ কথা ভুৱাকৈ, মিছাকৈ গাই থাকিব নিদিম।’’ – মন্তব্য অখিল গগৈৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 4 =

Back to top button