Assamleatest updateSocial

পাৱাৰ গ্ৰিডৰ উদ্যোগত গুৱাহাটীৰ‌ শিল্পগ্ৰামত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।

পাৱাৰ গ্ৰিডৰ উদ্যোগত গুৱাহাটীৰ‌ শিল্পগ্ৰামত অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। ২০ হাজাৰ বিদ্যালয়ৰ প্ৰায় ৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল প্ৰথমে এই প্ৰতিযোগিতাত। তাৰপিছত সেইসকলৰ মাজৰ পৰা বাছনি কৰি ১০০গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিল্পগ্ৰামত ৰাজ্যিকভাৱে অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

A আৰু B গ্ৰুপ নামেৰে দুটা ভাগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাত দুয়োটা গ্ৰুপত প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ, দ্বিতীয় পুৰষ্কাৰ ৩০ হাজাৰ আৰু তৃতীয় পুৰস্কাৰ ২০ হাজাৰ টকা। লগতে নিচুকণি হিচাপে দুয়োটা গ্ৰুপতে ১০ গৰাকীকৈ অংশগ্ৰহণকাৰী প্ৰতিযোগিক ৭ হাজাৰ ৫০০ টকাকৈ প্ৰদান কৰিছে। আনহাতে প্ৰতিযোগিতাত পুৰষ্কাৰ প্ৰাপকআটাইকেইগৰাকী প্ৰতিযোগীয়ে কেন্দ্ৰীয়ভাৱে দিল্লীত অনুষ্ঠিত হ’ব লগা প্ৰতিযাগিতাতো অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.