দুৰ্ঘটনাৰাজস্থান

ছেলফীয়েই হ’ল কাল, ছেলফী উঠিবলৈ গৈ নিজৰ মূৰতে গুলীয়ালে ১৯ বছৰীয়া যুৱকে…

নিজৰ সৰিয়হৰ পথাৰত ফচল চপাবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা।

এখন ছেলফীয়েই কাল হ’ল এজন যুৱকৰ বাবে। ছেলফী উঠিবলৈ গৈ যুৱকৰ মৃত্যু হোৱাৰ খবৰে কঁপাইছে সমগ্ৰ দেশ। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

দেওবাৰে, ৰাজস্থানৰ ঢোলপুৰ জিলাত এজন ১৯ বছৰীয়া যুৱকে গুলীভৰ্তি পিষ্টলৰ সৈতে ছেলফী উঠিবলৈ লওঁতে ভুলবশতঃ টিপি দিয়ে পিষ্টলৰ ট্ৰিগাৰ।

গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰা যুৱকজনৰ নাম হৈছে শচীন পুত্ৰ ৰামবিলাস মীণা। নিজৰ সৰিয়হৰ পথাৰত ফচল চপাবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা। নিজ বন্ধুৰ সৈতে হাতত পিষ্টল লৈ ছেলফী উঠাৰ সময়তে যুৱকজনে ম’বাইল ফোনৰ সলনি টিপি দিয়ে হাতত লৈ থকা পিষ্টলৰ ট্ৰিগাৰ। সৰিয়হ পথাৰতে ঢলি পৰা শচীনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.