Socialঅসম

নিয়তিৰ ওচৰত হাৰ মানি পৰলোকলৈ গমন সমাজহিতৈষী নৰেন্দ্ৰ নাথ তালুকদাৰৰ

নৰেন্দ্ৰ নাথ তালুকদাৰে মৃত্যুৰ সময়ত এৰি গৈছে পত্নী, ৩ জন পুত্ৰ, এগৰাকী বোৱাৰী আৰু নাতি।

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি পৰলোকলৈ গমন কৰিলে গুৱাহাটীৰ গণেশগুৰিৰ দেৱদাৰু পথৰ নিবাসী, সমাজসেৱক নৰেন্দ্ৰ নাথ তালুকদাৰে।

১৯৫৮ চনৰ ২২ আগষ্টত জন্মলাভ কৰা নৰেন্দ্ৰনাথ তালুকদাৰে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।  তেখেতে বিগত প্ৰায় ১৫ দিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। জটিল ৰোগত আক্ৰান্ত তালুকদাৰ আছিল বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী তথা সৰবৰহী ব্যক্তি। জীৱন কালত সমাজসেৱাৰ সৈতে জড়িত আছিল তেওঁ।

নৰেন্দ্ৰ নাথ তালুকদাৰে মৃত্যুৰ সময়ত এৰি গৈছে নিজ পত্নী, ৩ জন পুত্ৰ, এগৰাকী বোৱাৰীৰ লগতে নাতি।

মঙলবাৰে বিয়লি  নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয় নৰেন্দ্ৰনাথ তালুকদাৰৰ শেষকৃত্য়। সমাজহিতৈষী তালুকদাৰৰ অন্তিম যাত্ৰাত উপস্থিত থাকে শতাধিক শুভাকাংক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.