অপৰাধঅসমগুৱাহাটী

মহানগৰীত নৃশংস হত্যাকাণ্ড! শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰিলে বৃদ্ধ দম্পতীক

   চাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক দুৰ্বৃত্তই শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। ঘৰৰ ভিতৰতে বৃদ্ধ দম্পতীক হত্যা কৰিলে কোনো দুৰ্বৃত্তই।

চাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক দুৰ্বৃত্তই শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। তেওঁলোকৰ দুগৰাকী জীয়ৰী কৰ্মসুত্ৰে ৰাজ্যৰ বাহিৰত থাকে বুলি জানিব পৰা গৈছে। এগৰাকী লণ্ডনত আৰু আনগৰাকী থাকে মুম্বাইত।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.