অসমৰাজনৈতিক

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিধি উলংঘা কৰাৰ অভিযোগ! সন্ধিয়া ৫ বজালৈ কাৰণ দৰ্শাব লাগিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ কংগ্ৰেছৰ

সমাগত উপ নিৰ্বাচন। পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ সকলো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত নামি পৰিছে। কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাব গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আয়োগৰ পৰা পালে কাৰণ দৰ্শোৱা জাননী (Show Cause Notice)।

বিজেপি তথা মিত্ৰজোট ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নানান বিকাশ আৰু আঁচনি আদিৰ ঘোষণা কৰে ভোটদাতা সকলক। যাৰ বাবে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তোলে কংগ্ৰেছৰ ফালৰ পৰা। আৰু প্ৰমাণ হিচাপে ভিডিঅ আৰু বাতৰিৰ কিয়দংশ দাঙি ধৰে।

সকলো প্ৰমাণৰ ভিত্তিত নিৰ্বাচনী আয়োগে মুখ্যমন্ত্ৰীলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰে। আৰু আজি ২৬ অক্টোবৰ মঙলবাৰৰ সন্ধিয়া ৫ বজালৈ ইয়াৰ উত্তৰ দিবলৈ সময়সীমা বান্ধি দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.