অসম

কালাপাহাৰত বিধংসী অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে ভষ্মীভূত এটা বাসগৃহ, এটা গুদাম, এটা গেৰেজ…

মঙলবাৰে নিশা বিবেকানন্দ বেংগলী স্কুলৰ কাষতে থকা জোট মিলত সংঘটিত হয় এই অগ্নিকাণ্ড।

কালাপাহাৰত বিধংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল এটা তুলাৰ গুদাম, গেৰেজ আৰু এটা বাসগৃহ। মঙলবাৰে নিশা বিবেকানন্দ বেংগলী স্কুলৰ কাষতে থকা জোট মিলত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত সুভাশীষ দাস নামৰ এজন লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়। অৱশ্যে, এতিয়ালৈকে জানিব পৰা হোৱা নাই জুই লগাৰ প্ৰকৃত কাৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.