অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটী

মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ মৃতদেহ!

মহানগৰীৰ বৰা চাৰ্ভিছত অৱস্থিত ভগৱান হোটেলত উদ্ধাৰ CID বিষয়া নিৰ্মল ভূঞাৰ মৃতদেহ

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰৰ ঘটনা। মহানগৰীৰ বৰা চাৰ্ভিছত অৱস্থিত ভগৱান হোটেলত উদ্ধাৰ হয় এটা মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহটো CID বিষয়া নিৰ্মল ভূঞাৰ বুলি জানিব পৰা গৈছে। CIDৰ ASI হিচাপে কৰ্মৰত আছিল নিৰ্মল ভূঞা। মে’ মাহত নিজৰ নামত এটা কোঠা লৈছিল ভগৱান নামৰ হোটেলখনত।  হোটেলখনৰ ২০১ নং কোঠালিত  উদ্ধাৰ হয় ৫০ বছৰীয়া নিৰ্মল ভূঞাৰ মৃতদেহ।

 

জানিব পৰা অনুসৰি, মৃত নিৰ্মল ভূঞাৰ ঘৰ নলবাৰীত। বহু দিনৰে পৰা পৰিয়ালৰ লগত সংঘাত আছিল মৃত নিৰ্মল ভূঞাৰ। সুৰাৰ ৰাগীত মাতাল হয় প্ৰায়ে পত্নীৰ সৈতে কাজিয়া কৰে নিৰ্মল ভূঞাই। কিছুদিন আগতে তেওঁৰ পত্নী পলাই গৈছিল বঙালী এজনৰ লগত।

 

আৰু তাৰ পিছতে মৃত নিৰ্মল ভূঞা নলবাৰীৰ পৰা আহি গুৱাহাটীত প্ৰথমে ককায়েকৰ লগত থাকিবলৈ লৈছিল। কিন্তু কিছুদিনৰ পিছত বৌয়েকৰ লগতো সুৰাপান কৰি কাজিয়া কৰিছিল। যাৰবাবে ককায়েকৰ ঘৰৰ পৰা উলিয়াই দিছিল নিৰ্মল ভূঞাক। তাৰ পিছতে প্ৰথমে বহুত দিন ধৰি আছিল হোটেল শিৱাত। তাতো অধিক মদ্যপান কৰি কোঠাত অভদ্ৰামি কৰে।
বেমাৰৰ কাগজ দেখুৱাই প্ৰায় এবছৰ কৰ্তব্যত যোৱা নাছিল ভূঞা। শেহতীয়াকৈ দৰমহাও বন্ধ কৰি দিছিল ভূঞাৰ। আপোনাৰ মানুহ জনক লৈ যাওঁক বুলি বহু দিন cid ৰ উচ্চ পদস্থৰ বিষয়াকো ফোন কৰিছিল হোটেলৰ পৰা। অধিক মদ্যপানৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ সন্দেহ কৰিছে একাংশই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.