দুৰ্ঘটনাভাৰত

হায়দৰাবাদৰ ইলেক্ট্ৰিক স্কুটাৰ শ্ব’ৰুমত বিধংসী অগ্নিকাণ্ড

এই অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাসহ কমেও আঠজন লোক নিহত হয়

তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ এটা ইলেক্ট্ৰিক স্কুটাৰ শ্ব’ৰুমত সংঘটিত হয় এক বিধংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল কোটি টকাৰ সামগ্ৰী। এই অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাসহ কমেও আঠজন লোক নিহত হয়। শ্ব’ৰুমটোৰ জুই ওপৰৰ মহলালৈ বিয়পি পৰিছিল।

 

তথ্য অনুসৰি, সোমবাৰে নিশা ১০ বজাত চেকেন্দ্ৰাবাদত শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই বিধংসী অগ্নিকাণ্ডৰ। এই জুই চাৰি মহলাৰ ওপৰত থকা লজ আৰু ৰুবি হোটেললৈও বিয়পি পৰিছিল। হোটেলৰ কৰ্মচাৰী আৰু অতিথিসকলে জুই আৰু ধোঁৱা ওলোৱা লক্ষ্য কৰিছিল আৰু তৎক্ষণাত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নুমুৱায়। এই বিধংসী অগ্নিকাণ্ডত জাহ কোটি টকাৰ সা-সম্পত্তি।

আৰক্ষীয়ে জনোৱা অনুসৰি, বৈদ্যুতিক স্কুটাৰবোৰ তলৰ মহলাত চাৰ্জ কৰা হৈছিল, যাৰ ফলত শ্বৰ্ট চাৰ্কিতহৈ চৌদিশে বিয়পি পৰে জুই। অগ্নিকাণ্ডৰ সময়ত ভিতৰত প্ৰায় ২৪ জন লোক আৱদ্ধ হৈ আছিল, যাৰ ভিতৰত আঠজন লোকৰ মৃত্যু হয়। অগ্নিকাণ্ডত উদ্ধাৰ কৰা বেছিভাগ ভুক্তভোগী আন ৰাজ্যৰ আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.