অসমদৈনিক বাতৰিশিক্ষা

শিক্ষাদান নহয় এইবাৰ চুৰিবৃত্তিত লিপ্ত প্ৰধান শিক্ষক

শিক্ষাদান নহয় এইবাৰ চুৰিবৃত্তিত লিপ্ত প্ৰধান শিক্ষক

তিতাবৰত এজন প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডই শিক্ষক সমাজখনকে লজ্জানত কৰিলে ৷ বিতৰ্কিত শিক্ষক গৰাকী তিতাবৰ মেলামাটি নিম্ন বুনিয়াদি বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত খনিকৰ ৷ ৭-৮ বছৰে বিদ্যালয়খনৰ ভিতৰতে লুকুৱাই ৰাখিছিল জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ প্ৰায় ১০০০ দাল পানীৰ পাইপ৷ মঙলবাৰে নিশা এই পাইপসমুহ প্ৰধান শিক্ষক অনন্ত খনিকৰে লৈ যাবলৈ চেষ্টা কৰে যদিও বিফল হয় শিক্ষকজন৷ ৰাইজে শিক্ষকগৰাকীৰ কৰ্মকাণ্ড জানিব পাৰি উপস্থিত হয় বিদ্যালয়খনত৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত পলায়ন কৰে শিক্ষকগৰাকীয়ে। এতিয়া প্ৰশ্ন হ’ল প্ৰশাসনে শিক্ষকজনৰ উপৰত কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 12 =

Back to top button