অপৰাধঅসমআঞ্চলিক

অভিশপ্ত ৩০ অক্টোবৰ, ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম

২০০৮ চনৰ ৩০ অক্টোবৰ। এটা গতানুগতিক জীৱন স্থবিৰ কৰি ৰৈ গৈছিল সময়। আজিৰ পৰা ১৩ বছৰ পূৰ্বে গুৱাহাটীৰ চৌদিশে লাগিছিল হুৱা-দুৱা। আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ।

অভিশপ্ত ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। মুহূৰ্ত্ততে চিটিকি, উফৰি পৰিছিল বহুতৰে আপোনজন। ধাৰাবাহিক বোমা বিস্ফোৰণে কাঢ়ি নিছিল বহুতৰে সপোন, বহুতৰে জীৱন।

২০০৮ চনৰ ৩০ অক্টোবৰ। এটা গতানুগতিক জীৱন স্থবিৰ কৰি ৰৈ গৈছিল সময়। আজিৰ পৰা ১৩ বছৰ পূৰ্বে গুৱাহাটীৰ চৌদিশে লাগিছিল হুৱা-দুৱা। আজিৰ দিনটোতে গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গণেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ।

অভিশপ্ত ৩০ অক্টোবৰ, ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম

অসমৰ বিদ্ৰোহী সংগঠন NDFB(ৰঞ্জন দৈমাৰী) গোটে সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড। নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে। এই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮৮ জন লোকে। আনহাতে, বিস্ফোৰণে ঘূণীয়া কৰিছিল পাঁচ শতাধিক লোকক।

অভিশপ্ত ৩০ অক্টোবৰ, ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম

অসমবাসীক নিষ্প্ৰাণ কৰি গৈছিল এই খবৰে। জীৱন্ত হৈও নিথৰ হৈছিল অসমবাসী। অসমীয়াই আজিও পাহৰিব পৰা নাই ৩০ অক্টোবৰৰ ক’লা অধ্যায়। অসমীয়াই নাপাহৰে বিদ্ৰোহী সংগঠনৰ এই জঘন্য কাণ্ড। সকলোৱে এতিয়াও বিচাৰে, দোষীয়ে উচিত শাস্তি পাওক। নিৰীহৰ তেজেৰে ফাকু খেলি এতিয়াও মুকলি আকাশৰ তলত মুক্ত মনেৰে উশাহ লোৱা অপৰাধীয়ে কিয় এতিয়াও শাস্তি পোৱা নাই, তাকে লৈ প্ৰতিগৰাকী অসমীয়াৰ মনত আছে এক ক্ষোভিত প্ৰশ্ন?

আমিও বিচাৰো দোষীয়ে শাস্তি পাওক। নিৰীহৰ জীৱন কঢ়া বিদ্ৰোহী সংগঠনৰ সকলোৱে শাস্তি লাভ কৰক। এয়াই আমাৰ সকলোৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আজিৰ দিনটোতে জীৱন হেৰুওৱাসকলৰ আত্মাৰ সদগতি কামনা কৰিলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 11 =

Back to top button