Socialঅপৰাধ

কিডনীৰ বিনিময়ত চৰকাৰী চাকৰিৰ অফাৰ! চাকৰিৰ আশাত কিডনী দান কৰি বিপদত এইজন যুৱক…

নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকে APDCLৰ মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

চৰকাৰী চাকৰিৰ প্ৰলোভন দি বৃক্কৰ ব্যৱসায়ত নামিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL)ৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়। চাকৰিৰ আশাত APDCLৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়ক এজন ব্যক্তিয়ে কৰিলে বৃক্ক দান। এই অভিযোগ তুলিছে নগাঁৱৰ এগৰাকী ব্যক্তিয়ে।

নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকে APDCLৰ মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

হীৰুমণি শইকীয়াই ২০২০ চনৰ ৩১ ডিচেম্বৰতে  APDCLত চাকৰি লাভৰ আশাত APDCLৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ স্বামী দিপ্তাকৰ ডেকাক প্ৰদান কৰিছিল বৃক্ক। এক সংবাদ মেল যোগে এই কথা সদৰী কৰে হীৰুমণি শইকীয়াই।

হীৰুমণিয়ে সংবাদ মাধ্যমক আক্ষেপেৰে কয়, “এটা নিম্নবৰ্গৰ চৰকাৰী চাকৰি আৰু এটুকুৰা মাটিৰ বিনিময়ত মই বৃক্ক দান কৰাৰ কথা কৰবী বাইদেউক কৈছিলো। বাইদেউৱে মোৰ প্ৰস্তাৱ মানি মোক বৃক্ক দান দিবলৈ কৈছিল। কিন্তু বৃক্ক সংৰোপনৰ পিছৰে পৰা তেওঁলোকে মোৰ লগত যোগাযোগ বিচ্ছিন্ন কৰিলে।”

অৱশ্যে হীৰুমণিয়ে এই অভিযোগ উত্থাপন কৰিছে যদিও বৰ্তমানলৈকে APDCLৰ উচ্চপদস্থ বিষয়া গৰাকীয়ে এই অভিযোগ সন্দৰ্ভত এতিয়ালৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পিছে হীৰুমণি শইকীয়াৰ এই গুৰুতৰ অভিযোগ কিমান সঁচা আৰু কিমান মিছা সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.