শ্ৰেণীবিহীন

পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যত আকৌ হ'ব BJP চৰকাৰ

পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যত আকৌ হ’ব BJP চৰকাৰ । হাজাৰ প্ৰত্যাহ্বানৰ মাজটো মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা ।

কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকাৰ অনুসাৰে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত পুনৰ এক উল্লেখযোগ্য পৰিৱর্তন দেখা যাব। এই পঞ্জিকাৰ ভৱিষ্যৎবাণী অনুসৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰবল।

বৰ্তমান বিৰোধী শিবিৰত তিনি গগৈ নেতৃত্বৰ মাজত একত্ৰিত আৰু শক্তিশালী স্থিতিৰ অভাৱ স্পষ্ট। এই দুৰ্বলতাৰ বাবেই বহু ক্ষেত্ৰত চৰকাৰে এককভাৱে সিদ্ধান্ত লৈ আগুৱাই যাবলৈ সক্ষম হ’ব। যদিও বিৰোধী দলৰ কিছুমান সক্ৰিয় কাম-কাজে চৰকাৰক কেতিয়াবা সমস্যাত পেলাব, তথাপি সেইবোৰ প্ৰত্যাহ্বান দীঘলীয়া নহ’ব। ইফালে চৰকাৰৰ নিজৰ কিছুমান ভুল সিদ্ধান্ত আৰু অতিমাত্ৰা আত্মবিশ্বাসে জনসাধাৰণৰ মাজত অসন্তোষৰ সৃষ্টি কৰিব। এই ৰোষে চৰকাৰখনৰ বাবে কিছুমান কঠিন মুহূৰ্ত কঢ়িয়াই আনিব। তাৰ পাছতো মুখ্যমন্ত্ৰীৰ চতুৰ ৰাজনৈতিক নীতি, সময়োপযোগী সিদ্ধান্ত আৰু কৌশলী নেতৃত্বৰ ফলত সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকাই ইংগিত দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.