অসমদৈনিক বাতৰি

সাংবাদিক তথা অসমৰ মহিলা থিয়েটাৰৰ প্ৰথমজন প্ৰযোজক যাদৱসেন ডেকাৰ পৰলোকপ্ৰাপ্তি

ৰাজ্যৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ

ৰাজ্যৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ।

প্ৰবীণ সাংবাদিক,অসমৰ মহিলা থিয়েটাৰৰ প্ৰথমজন প্ৰযোজক যাদৱসেন ডেকাৰ পৰলোক।

শনিবাৰে নিশা নলবাৰীৰ বেলশৰস্থিত নিজা বাসগৃহত পৰলোক গমন প্ৰতিথযশা সাংবাদিক গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।

পশ্চিম নলবাৰীত সাংবাদিকৰ বাটকটীয়া যাদৱ সেন ডেকা আছিল চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক।”আজিৰ অসম”কে ধৰি ৰাজ্যৰ কেবাখনো আগশাৰীৰ কাকতত সাংবাদিকতা কৰা প্ৰয়াত ডেকাই সাহিত্য কৰ্মৰ বাবে চৰকাৰৰ পৰা লাভ কৰিছিল সাহিত্যিক পেঞ্চন।কেবাখনো মূল্যবান গ্ৰন্থৰে তেওঁ‌ চহকী কৰি থৈ গৈছে অসমীয়া সাহিত্যৰ ভৰাল।আনহাতে এগৰাকী সু-অভিনেতাও আছিল যাদৱ সেন ডেকা।

প্ৰবীণ সাংবাদিক গৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ লগতে নলবাৰীৰ সাংবাদিক মহল।সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ সদৌ অসম সাংবাদিক সন্থা,ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদকে ধৰি ভিন্ন দল-সংগঠনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.