অসমআঞ্চলিকউৎসৱ

আজি মহাষ্টমী! কি ৰঙৰ কাপোৰ পৰিধান কৰি পূজা কৰিলে শুভ হ’ব আপোনাৰ?

মহাষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়

শাৰদীয় দুৰ্গোৎসৱৰ আজি অষ্টমটো দিন।

মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি, কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। শাস্ত্ৰত উল্লেখ থকা অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ বৃদ্ধি হয়। দেৱী মহাগৌৰীৰ ৰূপ বহুত শান্ত আৰু সৌম্য হয়। তেওঁৰ পূজা কৰিলে মনত পবিত্ৰতা অব্যাহত থকাৰ লগতে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়।

আজিৰ দিনটোত দেৱীৰ উপাসনাৰ লগতে কন্যা পুজনৰ নিয়ম থাকে। দেৱী মহাগৌৰীক উপাসনা কৰিবলৈ প্ৰথমে ৰাতিপুৱা উঠি আৰু গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি উপাসনা স্থান পৰিষ্কাৰ কৰিব। ইয়াৰ পিছত, দেৱী মহাগৌৰীৰ উপাসনা আৰম্ভ কৰিব। ইয়াৰ পাছত পঞ্চমৃত (গাখীৰ, দৈ, চেনী, ঘিউ আৰু মৌ)ৰে দেৱীক গা ধুৱাব।

অষ্টমীৰ দিনটোত মহা অষ্টমীত দেৱী মহাগৌৰীৰ উপাসনাত বগা বা বেঙুনীয়া ৰং অতি শুভ বুলি গণ্য কৰা হয়। এই ৰংবোৰ দেৱীৰ অনুগ্ৰহ প্ৰাপ্ত কৰিবলৈ ব্যৱহাৰ কৰিব লাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.