Socialঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়খাদ্যচিকিৎসাদৈনিক বাতৰিপৰিৱেশবতৰস্বাস্থ্য

উৎকট গৰম!

গৰমৰ দিনকেইটাত কি খাব কি নাখাব আপুনি ?

🔰 গৰম!

ব্যাপক তাপমাত্ৰাই দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । গৰমৰ দিনত শৰীৰৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰৰ পৰা ঘাম ভালদৰে ওলাই নাযায়, যাৰবাবে তাপমাত্ৰা বৃদ্ধি পায়। চিকিৎসা বিজ্ঞানত ইয়াকে হিটষ্ট্ৰোক বুলি কোৱা হয়।  বহু সময়ত আকৌ দেহৰ পৰা ওলোৱা অত্যধিক ঘামৰ লগত দেহৰ পানীভাগ আৰু নিমখ ওলাই । ইয়াৰ ফলত মাংসপেশীৰ সংকোচন হয় আৰু ৰক্তচাপো কমি যায়। ইয়াক হিট ক্ৰাম্প বুলি কোৱা হয়।

🔰 গৰমত কি খাব ?

গৰমৰ সময়ত নিমখ-চেনি মিহলোৱা পানী, অ’ আৰ এছ, ডাবৰ পানী, চৰবত অথবা বাৰ্লিৰ পানী, দৈৰ ঘোল আদি খাব লাগে। শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰসাল, ফলমূল খালে ভাল । নেমু, কমলা, মৌচম্বী, কুঁহিয়াৰ আদিৰ ৰস আদি উত্তম জুলীয়া পানীয়। আম, জাম, বেল, কঁঠাল, তৰমুজ, আঙুৰ, আম, লিচু আদি বতৰৰ ফলবোৰ খালে শৰীৰক লাগতিয়াল উপাদানবোৰ লগতে পুষ্টিও যোগায়। ফলৰ জুলীয়া অংশই দেহৰ পানীভাগে সাম্য বজাই ৰখাত সাহায্য কৰে। নেমুৰ ৰসে ভোক বঢ়ায়। পুৱা-গধূলি লঘু আহাৰ চিৰা, দৈ, আখৈ, মুৰি, কোমল চাউল, শুকান ৰুটি বা বিভিন্ন ঘৰতে তৈয়াৰ কৰা পিঠা-পনা খাব পাৰি। এইবোৰে বদহজম, পেটৰ অসুখ আদিৰ পৰা শৰীৰক ৰক্ষা কৰিব। গৰমত দিনে কমেও দহ গিলাচ পানী খোৱা উচিত। গৰমৰ দিনত বহুতে গৰমৰ কাৰণে ভাত খাব নিবিচাৰে। কিন্তু ভাত বা ৰুটি হৈছে আমাৰ মুখ্য আহাৰ গতিকে ভাত বা ৰুটি গ্ৰহণ নকৰিলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰিব আৰু দুৰ্বল শৰীৰত ৰোগে সহজে আক্ৰ্মণ কৰিব পাৰে। দাইল, সেউজীয়া শাক-পাচলি আৰু চালাড প্ৰচুৰ পৰিমাণে খাব লাগে।

হোটেল, ৰেষ্টুৰাত খোৱাৰ অভ্যাস থকাসকলে গৰমৰ দিনকেইটা এই অভ্যাস পৰিত্যাগ কৰাই শ্ৰেয়। গৰমত শৰীৰ শীতল আৰু সুখৰ জুতি আনিবলৈ বিভিন্ন টেঙাৰ জোল খাব পাৰি। নেমু পেটৰ কাৰণে বৰ উপকাৰী। প্ৰতি সাঁজত নেমু খালে পেট ভালে থকাৰ লগতে ছাল চুলিও উজ্জ্বল হ’ব। কেতিয়াবা পুৰণা থেকেৰাৰ আঞ্জাও খাব পাৰি। ঘৰত পতা দৈ প্ৰতি সাঁজত নোৱাৰিলেও এদিন বাদে এদিন দুপৰীয়াৰ মুখ্য আহাৰৰ লগত খাব পাৰিলে ভাল। দৈয়ে পেট ঠাণ্ডা কৰাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুও ধ্বংস কৰে। মাজে মাজে ভেদাইলতা, মচন্দৰি, মাণিমুনি, টেঙেচি আদি খাকে পেটো ভালে থাকিব আৰু দুগৰাহ ভাত বেছিকৈ খাব পাৰি।গৰমৰ দিনত আম, কঁঠাল, প্লাম, লেতেকু আদি পোৱা যায়। ফলমূলে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰাৰ লগতে প্ৰচুৰ পৰিমাণে আঁহ জাতীয় উপাদানো দিয়ে। ফলত কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। এই সময়ত ওলোৱা তৰমুজে অনবৰত পানী খাবলৈ মন যোৱা ভাৱ নোহোৱা কৰে আৰু শৰীৰ শীতল কৰে। তদুপৰি বাৰ মাহে পোৱা কলবোৰটো আছেই। গতিকে নিজক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখিবলৈ ফল-মূল খোৱা উচিত।

🔰 গৰমত কি নাখাব ?

সাধাৰণতে গৰমৰ দিনবোৰত হজম শক্তি কম হোৱাৰ বাবে বদহজম হয়। হাইপাৰ এচিডিটি আৰু খাদ্য গ্ৰহণত অনীহাও দেখা যায়। এইবোৰ ৰোগ উপসৰ্গ আৰু অস্বস্তি এৰাই চলাৰ বাবে কিছু খাদ্যবস্তু আৰু পানীয় নিৰ্বাচন বা বৰ্জন কৰা দৰকাৰ। বৰ্জনীয় খাদ্য আৰু পানীয়- তেল, জ্বলা-মছলা সমৃদ্ধ খাদ্যসম্ভাৰ, অধিক ৰেড মীট বা প্ৰটিন সমৃদ্ধ খাদ্য, ফ্ৰিজৰ ঠাণ্ডা পানী, অত্যধিক চাহ-কফি, কটা ফল, ৰঙীন পানীয়, ৰাস্তাৰ বৰফ মিশ্ৰিত পানীয়। ৰদৰ পৰা আহিয়েই পানী খোৱা উচিত নহয় ।পুৱা-গধূলি লঘু আহাৰত চাওচাও, মেগী, লুচী আদি নাখাব । চাহ যিমান পৰা যায় কমাই খাব লাগে আৰু কফি পৰাপক্ষত নোখোৱাই ভাল। গৰমৰ দিন কেইটাত দিনত মাছ, মাংস, কণী, মছলা কমাই খাব লাগে। বিশেষকৈ মাংস গৰম বস্তু হোৱাত ই সহজে শৰীৰক উত্তেজিত কৰে।

গৰমৰ দিনকেইটাত বিভিন্ন ধৰণৰ ৰোগ দেখা দিয়ে যি ৰোগৰ বাবে আপুনি মানি চলক এই নিয়ম, খোৱা খাদ্যৰ পৰা সাধাৰণতে বিভিন্ন ৰোগ হব পাৰে সেইকাৰণে সাৱধান হওক আপুনি, সাৱধানে ৰাখক আপোনাৰ পৰিয়ালক লগতে গৰমৰ দিনটো ভালে ভালে পাৰ কৰক ।  যদি এই লেখাৰ পৰা উপকাৰ হৈছে অথবা ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 6 =

Back to top button