অসমআঞ্চলিক

সঁচাকৈয়ে কিবা অলৌকিক ঘটনা বা অদৃশ্য শক্তিৰ হাত আছে নেকি ধিঙৰ ৰামপুৰ সত্ৰত!

অন্ধবিশ্বাসৰ কবলত পৰি নগাঁও জিলাৰ ধিঙৰ ৰামপুৰ সত্ৰত সংঘটিত হয় এই ঘটনা

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনতো সমাজৰ পৰা আতৰি যোৱা নাই কিছুমান অন্ধবিশ্বাস আৰু কু-প্ৰথা। অন্ধবিশ্বাসৰ এই বিৱৰণ শুনিলে আপুনিও হ’ব আচৰিত।

 

 

অন্ধবিশ্বাসৰ কবলত পৰি নগাঁও জিলাৰ ধিঙৰ ৰামপুৰ সত্ৰত সংঘটিত হয় এই ঘটনা। এইবাৰ ৰামপুৰ সত্ৰৰ জুলহাছৰ ঘৰত ভিতৰত ওলাইছে নাৰিকল গছৰ ছাঁ । পিছে এজোপা দুজোপা নহয় তিনিজোপাকৈ নাৰিকল গছৰ ছাঁ ওলাইছে জুলহাছৰ ঘৰৰ ভিতৰত । পাঁচদিনমাৰ আগতে জুলহাছে প্ৰত্যক্ষ কৰিছিল এডাল গছৰ ছাঁ, কিন্তু এতিয়া তিনিডাল নাৰিকল গছৰ ছাঁ ঘৰৰ ভিতৰত । এই দৃশ্য স্ব-স্বক্ষে প্ৰত্যক্ষ কৰিবলৈ জুলহাছৰ বাসগৃহত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছেহি। একাংশই যদি আপেল আঙুৰ আগবঢ়াই ধূপ-ধূনা জলাই প্রাৰ্থনা কৰিছে। আন একাংশই আকৌ প্রসাদ হিচাপে আপেল খাইছে।

 

 

উল্লেখ্য যে জুলহাচৰ ঘৰৰ ওপৰত আছে এজোপা নাৰিকল গছ। জুলহাছৰ দাবী এয়া এক আলৌকিক ঘটনা । আল্লাহৰ ইচ্ছা অনুসৰি এই দৃশ্যই দেখা দিছে। আনহাতে সমগ্র ঘটনাক লৈ এইবাৰ মুখ খুলিলে মুফতি আব্দুল কৰিম কাছিমীয়ে । মুফতি জনৰ মতে এই সম্পূৰ্ণ ঘটনাটো এটা ভণ্ডামি মাথো । এই কাণ্ড কোনো কাৰণেই গ্ৰহণযোগ্য নহয় আৰু এয়া ইছলাম বিৰোধী কাৰ্য্য। কেৱল টকা ঘটিবলৈ এটা চক্ৰই এনে অপপ্ৰচাৰ চলাইছে। কোনো লোকেই যাতে এই ঘটনা বিশ্বাসত নলয় তাৰ বাবেও আহব্বান জনাইছে মুফতী গৰাকীয়ে ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 4 =

Back to top button