AssamEntertainmentFilmInternationalInternationalleatest updatenationalSocialSocial Networkঅৰ্থনৈতিকআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়চিত্ৰকলাদৈনিক বাতৰিবোলছবিশিল্পীসংস্কৃতি

ছলমান খানৰ সম্পত্তিৰ পৰিমাণ কিমান?

কি কি বিলাসী বাহন আছে অভিনেতাগৰাকীৰ

ছলমানৰ সম্পত্তিৰ পৰিমাণ কিমান? ছলমান খানে প্ৰতিখন ছবিত ১০০ কোটি টকা লয়। চাৰি দশকৰো অধিক সময় ধৰি অগণন অনুৰাগীক মনোৰঞ্জন দি আহিছে বলীউডৰ ভাইজান। আৰু এই দীঘলীয়া ভ্ৰমণত দৰ্শকৰ মৰমৰ উপৰিও ছলমান পাহাৰ সদৃহ সম্পত্তিৰ অধিপতি। অভিনেতাজনৰ নেট ৱৰ্থ কিমান?  শেহতীয়াকৈ এটা সমীক্ষাত দাবী কৰা হৈছে যে ছলমানে বছৰি প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰে!

Salman Khan Says He's The Only Actor Who'd Suggest Against Not Watching  Movies & Do It Only If You Have Extra Money, Netizens Say "Bhai Is Speaking  The Truth"

সেই অনুপাতত বৰ্তমান ছলমানৰ মুঠ সম্পত্তি ২ হাজাৰ ৮৫০ কোটি! ছলমানৰ প্ৰতিখন ছবিত অভিনয় কৰাৰ বিনিময়ত কিমান টকা লয় জানেনে আপুনি । ১৯৮৮ চনত মুক্তি লাভ কৰা ছলমানৰ প্ৰথমখন ছবি ‘বিবি হো তো আইছি’। এই ছবিখনত ছলমানে অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ছবিখনৰ বাবে তেওঁ ১১ হাজাৰ টকা লৈছিল । বৰ্তমান সেই মানুহজনে প্ৰতিখন ছবিৰ বাবে ১০০ৰ পৰা ২০০ কোটি মাচুল লয় ! 

Salman Khan Talks 'Tiger 3'

বলীউডৰ শীৰ্ষ তাৰকা ছলমান খানৰ ঘৰ-গাড়ীৰ সংখ্যাও কম নহয়। অনুৰাগীয়ে জনা মতে ছলমান মুম্বাইৰ বান্দ্ৰাৰ গেলাক্সি এপাৰ্টমেণ্টৰ ফ্লেটত থাকে। ইয়াৰ সমীক্ষা অনুসৰি এই ঘৰটোৰ বজাৰ মূল্য প্ৰায় ১১৫ কোটি টকা । পানভেলত ছলমানৰ এটা ফাৰ্ম হাউচ আছে । ইয়াৰ দাম প্ৰায় ৯৪ কোটি টকা ।  মুম্বাইৰ চিম্বাই ৰোডত ছলমানৰ এটা ঘৰ। ইয়াৰ দাম ১৭ কোটি টকা। ছলমানৰ মুম্বাই আৰু ডুবাইত আৰু ৩টা ঘৰ আছে।

Tiger 3' box office collection: The Salman Khan starrer mints Rs 240 crore  worldwide | Hindi Movie News - Times of India

ছলমানৰ ব্যক্তিগতভাৱে অ’ডি, বিএমডব্লিউ, মাৰ্চিডিজ, ৰেঞ্জ ৰভাৰ ভোগ, লেণ্ড ক্ৰুজাৰ আৰু এখন লেক্সাছকে ধৰি মুঠ ৬খন বিলাসী গাড়ীৰ মালিক । মটৰবাইকৰ প্ৰতি থকা ছলমানৰ প্ৰেম বহুত বেছি । তেওঁৰ এখন ছুপাৰবাইকও আছে। সূত্ৰ অনুসৰি ছলমানৰ হাতত মুঠ ৪খন মটৰবাইক আছে।

Bigg Boss 17: Salman Khan show to end up without an extension? Is this the  real reason?

ইয়াৰ ভিতৰত হায়াবুছা কোম্পানীৰ বাইকখনৰ দাম ১৭ লাখ টকা। বাকী দুখন বাইকৰ দাম ১৬ লাখ। তেওঁৰ ইয়ামাহা কোম্পানীৰ আন এখন বাইক আছে। ইয়াৰ দাম ২০ লাখ । ছলমানৰ সংগ্ৰহত আছে এক বিলাসী মনোমোহা। ইয়াৰ দাম ৩ কোটি টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button