অসমআঞ্চলিক

শৰীৰৰ অৱস্থা দেখিলেই বুকু কঁপি উঠিব আপোনাৰো!

পিষ্টল দেখুৱাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে Gym Instructorক

 

গোলাঘাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগৰখনত থকা GYMKHANA (জীমখানা) নামৰ এখন আভিজাত্য হোটেলৰ Gym Instructor গৰাকীক পিষ্টল দেখুৱাই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে মৌচিন হুছেইন নামৰ এজন উদণ্ড যুৱকে।

 

সুমিত চন্দ্ৰ নামৰ Gym Instructor জনক কৌশলৰে লগত নি বন্ধ কোঠাত আৱদ্ধ কৰি পিষ্টল দেখুৱাই প্ৰথমে ঘোচা তাৰ পিছত লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে। যাৰ ফলত সুমিতৰ শৰীৰৰ বিভিন্ন অংশত ক’লা চামনি বান্ধি যায়।

 

উল্লেখ্য যে, উদণ্ড মৌচিনে GYMত কৰা উদ্ভণ্ডালিৰ কথা Gym Instructor সুমিতে কৰ্তপক্ষক অৱগত কৰাৰ বাবেই আক্ৰমণ সংঘটিত কৰিলে মৌচিনে। ঘটনা সন্দৰ্ভত সুমিতে আৰক্ষীথানাত গোচৰ ৰুজু কৰে যদিও এতিয়ালৈকে মৌচিন হুছেইনক আটক কৰিব পৰা নাই আৰক্ষীয়ে।

 

জানিবপৰামতে, যোৰহাট নিৱাসী মৌচিন গোলঘাটৰ এটা NGOত কৰ্মৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.