কর্ণাটকমনোৰঞ্জন

ছ’চিয়েল মিডিয়াত গঢ়ি উঠা বেলজিয়াম-ভাৰতৰ বন্ধুত্ব পালেগৈ হোমৰ গুৰি

কৰ্ণাটকৰ যুৱকৰ প্ৰেমত পৰি সূদূৰ বেলজিয়ামৰ পৰা আহি বিয়াত বহিল যুৱতী

প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে নামানে সীমান্তৰ বাধা। সাত সাগৰ তেৰ নদী পাৰ হৈ প্ৰেমিকৰ কাষলৈ আহিল প্ৰেমিকা। অগ্নিক সাক্ষী কৰি শপত ল’লে আজীৱন একেলগে থকাৰ।

কৰ্ণাটকৰ অটো চালকৰ প্ৰেমত পৰি সূদূৰ বেলজিয়ামৰ পৰা আহি বিয়াত বহিল যুৱতী। কৰ্ণাটকৰ এই বিবাহখনক লৈ আৰম্ভ হৈছে চৰ্চা। সামাজিক মাধ্যমত চিনাকী হোৱা কৰ্ণাটকৰ বিজয়নগৰৰ যুৱক অনন্তৰাজু প্ৰেমত পৰিছিল বেলজিয়ামৰ কিশোৰী কেমিলী। ভাৰতীয় পৰম্পৰা অনুসৰি বিখ্যাত হাম্পি মন্দিৰত বিবাহপাশত আবদ্ধ হয় দম্পতীহাল। প্ৰায় চাৰি বছৰ ধৰি দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কই পালে স্থায়ী ঠিকনা।

৩০ বছৰীয়া অনন্তৰাজুয়ে হাম্পিত অটো ড্ৰাইভাৰ আৰু গাইড হিচাপে কাম কৰে। আনহাতে কইনা কেমিলী এগৰাকী সমাজকৰ্মী। প্ৰায় চাৰি বছৰ আগতে কেমিলী পৰিয়ালৰ সৈতে ভ্ৰমণৰ বাবে হাম্পিলৈ আহিছিল। এই সময়ত অনন্তৰাজুৱে তেওঁক সহায় কৰিছিল। অনন্তৰাজুৰ সততা কেমিলীৰ পৰিয়ালে বহুত ভাল পাইছিল। অনন্তৰাজুৱেই তেওঁক কৰ্ণাটকলৈ লৈ গৈছিল আৰু তেওঁৰ খোৱা-বোৱা আৰু থকাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছত যেতিয়া সেই ছোৱালীজনী নিজৰ দেশলৈ গ’ল, তেতিয়া দুয়ো সংস্পৰ্শলৈ আহিল ছ’চিয়েল মিডিয়াৰ জৰিয়তে। লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে আৰু বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। কেমিলীয়ে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱক সঁহাৰি জনাইছিল অনন্তৰাজুৱে।

হিন্দু পৰম্পৰা অনুসৰি বিবাহ তিনি বছৰ আগতে কেমিলী আৰু অনন্তৰাজুৰ বিয়া হ’ব বুলি কোৱা হৈছে, কিন্তু কৰোণাৰ বাবে হ’ব পৰা নাছিল। অনন্তৰাজু আৰু তেওঁৰ পৰিয়ালে দুয়োৰে বিয়া ভাৰতত হোৱাটো বিচাৰিছিল। তেতিয়া কেমিলীৰ পৰিয়ালেও এই কথাত সন্মতি দিলে। হাম্পি মন্দিৰত আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয় দম্পতীহালৰ। ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ ছবি ভাইৰেল হোৱাৰ লগে লগে মানুহ তেওঁৰ অনুৰাগী হৈ পৰিল। মানুহে তেওঁলোকৰ প্ৰেম কাহিনীৰ বিষয়ে জানিব বিচাৰিলে আৰু তেওঁলোকৰ ফটোও বিচাৰিলে।

দৰা অনন্তৰাজুৱে জনোৱা অনুসৰি, কেমিলীৰ পৰিয়ালে অনন্তৰাজুৰ ব্যৱহাৰত মুগ্ধ হৈছিল। তেওঁলোক আকৌ ভাৰতলৈ অহাৰ কথাও কৈছিল। তেওঁ ক’লে যে, ‘আমি যোৱা বছৰ নিজেই বিয়া হোৱাৰ সিদ্ধান্ত লৈছিলো, কিন্তু ক’ৰ’নাৰ বাবে পলম হৈছিল। এতিয়া পৰিস্থিতি স্বাভাৱিক হৈ পৰাত আমি হিন্দু ৰীতি-নীতি অনুসৰি বিয়াত বহিছো। অনন্তৰাজুৱে লগতে জনাইছে যে, কেমিলীৰ প্ৰায় ৪০ জন আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে বিয়াৰ বাবে হাম্পিলৈ আহিছিল। ইফালে কেমিলীয়ে কয় যে, বেলজিয়ামৰ পৰা উভতি আহি অনন্তৰাজুৰ সৈতে বিয়াত বহাটো এটা ডাঙৰ অনুভৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 4 =

Back to top button