আঞ্চলিক

এজন যুৱকক বৰমালা পিন্ধালে দুই যমজ ভগ্নীয়ে!

যমজ ভগ্নীৰ পৰিয়ালে প্ৰকাশ কৰা মতে দুয়োগৰাকী ভগ্নীয়ে একেজন ল’ৰাকে ভালপাইছিল৷ গতিকে দুয়োটা পৰিয়ালে এই বিবাহত সন্মতি জনাইছে৷

মহাৰাষ্ট্ৰ চোলাপুৰৰ দুগৰাকী যমজ ভগ্নী। দেখাত দুয়োগৰাকীয়ে সাইলাখ একেই। তেওঁলোকৰ নাম ৰিঙ্কি আৰু পিঙ্কি। পেছাত দুয়োগৰাকীয়ে আইটি অভিযন্তা। পিছে কথাতে কোৱা হয়, বুলে যমজ সন্তানবোৰৰ মন- মগজু একেই। তেনে এক ঘটনাই দেখা গ’ল মহাৰাষ্ট্ৰত। দুই যমজ ভগ্নীয়েই প্ৰেমত পৰিল একেজন যুৱকৰে। কেৱল প্ৰেমত পৰাই নহয়,যুকজনক তেওঁলোক দুয়োৱে স্বামী হিচাপেও বৰণ কৰিলে৷ যমজ ভগ্নীৰ পৰিয়ালে প্ৰকাশ কৰা মতে দুয়োগৰাকী ভগ্নীয়ে একেজন ল’ৰাকে ভালপাইছিল৷ গতিকে দুয়োটা পৰিয়ালে এই বিবাহত সন্মতি জনাইছে৷

একে সময়তে অতুল নামৰ যুৱকজনৰ সৈতে বিয়াত বহে দুয়ো ভগ্নী। দুয়োগৰাকী ভনীয়েকে অতুলক মালা পিন্ধাবলৈ লোৱা ভিডিঅ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতো নেটিজেনে বিষয়টোক প্ৰশংসা কৰাও দেখা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 6 =

Check Also
Close
Back to top button