Government Schemeঅসমগুৱাহাটী

হাস্পতালৰ পিছতে এইবাৰ গুৱাহাটীৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত স্কুল-কলেজৰ ওপৰত GMCৰ তীক্ষ্ণ নজৰ…

আজি জাননী প্ৰেৰণ কৰিব লগীয়া ৩৬ খনক দিয়া হ'ব ১৫ দিনৰ সময়সীমা। ১৫ দিনৰ ভিতৰত উত্তৰ নিদিলে GMCয়ে এই হাস্পতালকেইখনৰ বিৰুদ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা

গুৱাহাটীৰ ৩৬ খন হাস্পতাললৈ GMCয়ে পুনৰ প্ৰেৰণ কৰিব জাননী। পূৰ্বে সৰ্বমুঠ ৬৬ খন নাৰ্ছিংহোমলৈ জাননী প্ৰেৰণ কৰাৰ পিছতে GMCয়ে পুনৰ জাননী প্ৰেৰণ কৰিব কেইখনমান নাৰ্ছিংহোমলৈ।

গৃহ নিৰ্মাণত ব্যাপক অনিয়ম থকা ৩৬ খন হাস্পতালক জাননী প্ৰেৰণৰ পিছতে দিয়া হ’ব ১৫ দিনৰ সময়সীমা। ১৫ দিনৰ ভিতৰত হাস্পতাল কৰ্তৃপক্ষই উত্তৰ নিদিলে GMCয়ে এই হাস্পতালকেইখনৰ বিৰুদ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা।

কেৱল হাস্পতালেই নহয় গুৱাহাটীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত স্কুলৰ ওপৰতো GMCৰ চকু। ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত স্কুল, কলেজে দীৰ্ঘদিন ধৰি দি আহিছে ৰাজহ ফাকি। এই সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানলৈও অতি শীঘ্ৰে জাননী প্ৰেৰণ কৰিব GMCয়ে।

গুৱাহাটীত বৰ্তমানেও ২ পৰা ৩ লাখ ঘৰে বিল্ডিং নিৰ্মাণ কৰি ৰাজহ ফাকি দি আহিছে। ইয়াৰ ওপৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব GMCয়ে।

উল্লেখ্য যে, অতি কম দিনৰ ভিতৰত GMCয়ে কৰিব Jio tracking system। ইয়াৰ জৰিয়তে চেটেলাইটৰ যোগেদি গুৱাহাটীত ৰাজহ দিবলৈ থকা ঘৰ সমূহ নিৰীক্ষণ কৰাৰ লগতে সঠিক ব্যৱস্থাৰ মাজেৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button