Social Networkঅসমআঞ্চলিকগুৱাহাটী

বিপদে লগ নেৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক!

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নামত ভুৱা একাউণ্ট খুলিলে দুষ্টচক্ৰই

বিপদে লগ নেৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নামত ভুৱা একাউণ্ট খুলিলে দুষ্টচক্ৰই। উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নামত ভূৱা হোৱাটচ্ আপ একাউণ্ট খুলি বিভিন্নজনক ধনদাবী কৰে  এটা দুষ্টচক্ৰই। বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড৹ অনুপজ্যোতি শইকীয়াক উপাচাৰ্যৰ নামত ধন দাবী কৰে প্ৰৱঞ্চকৰ দলটোৱে।

 

উল্লেখ্য যে, উপাচাৰ্যৰ ফটো সম্বলিত 7722991836 নম্বৰৰ পৰা ধন বিচাৰি মেছেজ পাইছিল অধ্যাপকৱ ড৹ অনুপজ্যোতি শইকীয়াই। মেছেজত অধ্যাপকগৰাকীৰ পৰা সহায় বিচৰাৰ চলেৰে লক্ষাধিক টকাৰ এমাজনৰ কুপন বিচাৰিছিল প্ৰৱঞ্চক চক্ৰটোৱে। উপাচাৰ্যই সহায় বিচৰা বুলি ধাৰণা কৰি অধ্যাপকগৰাকীয়ে দিছিল টকাৰ কুপনসমূহ।

 

পাছত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এনে দুষ্ট চক্ৰৰ জালত নপৰিবলৈ দিয়া এক সতৰ্কতামূলক মেইলৰ পৰা স্পষ্ট হৈ পৰে সকলো কথা। কিন্তু ভুক্তভোগী অধ্যাপকগৰাকীয়ে এই মেইল চোৱাৰ পূৰ্বেই ধন লুট কৰি নিয়ে প্ৰৱঞ্চকৰ চক্ৰটোৱে। যাৰফলত সৰ্বস্বান্ত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ অধ্যাপক গৰাকী৷

 

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল কৰে অধ্যাপক ড৹ অনুপজ্যোতি শইকীয়াই। লগতে অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাতো ৰুজু কৰে গোচৰ। এনে প্ৰৱঞ্চক চক্ৰৰ জালৰ পৰা সাৱধানে থাকিবলৈও সকলোকে আহ্বান জনায় ভুক্তভোগী অধ্যাপক গৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.