ভাৰত

ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ!

আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১২ কিলোগ্ৰাম ওজনৰ এটা আইইডি

ভয়ংকৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰিল কাশ্মীৰ!

পাকিস্তানী সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা কাশ্মীৰৰ ট্ৰালৰ এলেকাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১২ কিলোগ্ৰাম ওজনৰ এটা আইইডি। ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো। সন্ত্ৰাসবাদীয়ে দেওবাৰে জম্মু-কাশ্মীৰৰ নিছাট অঞ্চলত নিৰাপত্তাকৰ্মীক লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে। গ্ৰেনেডটোৰ বিস্ফোৰণৰ ফলত কেইবাজনো অসামৰিক লোক আঘাতপ্ৰাপ্ত হয়। গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ পিছতে আৰক্ষীয়ে আজি উত্তৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

আৰক্ষীৰ এই অভিযানৰ সময়তে ট্ৰালত এটা আইইডি (প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ) উদ্ধাৰ হয়। অভিযানকালত লস্কৰ-ই-তৈবা (এলইটি)ৰ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয় । কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়” সন্ত্ৰাসবাদীয়ে নিছাট অঞ্চলত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত কম কেইজনমান অসামৰিক লোক সামান্য আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোক সকলোকে প্ৰাথমিক চিকিৎসা দিয়া হৈছিল আৰু সকলোকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। সন্ত্ৰাসবাদীক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে,”।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে ট্ৰালৰ বেইহগুণ্ড অঞ্চলত আৰক্ষী আৰু সেনাই এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে কাশ্মীৰৰ নওচেৰা চহৰৰ চেহাৰ মাক্ৰি অঞ্চলৰ এলঅ’চিত সেনাই এজন অনুপ্ৰৱেশকাৰীক গুলীয়াই আহত কৰে আৰু তেওঁক আটক কৰিবলৈ সক্ষম হয়৷ সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে লোকজনে আত্মঘাতী আক্ৰমণৰ বাবে কাশ্মীৰত প্ৰৱেশ কৰিব বিচাৰিছিল। লোক জনক তাবাৰাক হুছেইন বুলি চিনাক্ত কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.