অসমদুৰ্ঘটনা

সৰস্বতী পূজাৰ নিশা গণেশগুৰিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে…

AS01BN9739 নম্বৰৰ স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেতুৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয়।

গণেশগুৰিৰ উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। সৰস্বতী পূজাৰ নিশাই প্ৰাণ হেৰুৱালে এজন যুৱকে।

নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। AS01BN9739 নম্বৰৰ স্কুটীখনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেতুৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় যুৱকজন। পৰৱৰ্তী সময়ত যুৱকজনৰ মৃতদেহ লৈ অহা হয় GMCHলৈ।

নিশাই ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত। আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰে এটা ম’বাইল ফোন। কিন্তু এতিয়া পৰ্যন্ত যুৱকজনৰ কোনো ধৰণৰ পৰিচয় পত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.