EntertainmentInternationalleatest updateSocial

আচৰ্যকৰ; এগৰাকী মাতৃ কিন্তু গৰ্ভ দুটা! দুদিনত দুটা সন্তানৰ জন্ম.

২০ ঘণ্টাৰ প্ৰসৱ বেদনাৰ পিছত ১৯ ডিচেম্বৰত তেওঁৰ প্ৰথম সন্তান আৰু ২০ ডিচেম্বৰত দ্বিতীয় সন্তানৰ জন্ম দিয়ে।

২০ ঘণ্টাৰ প্ৰসৱ বেদনাৰ অন্তত দুটা স্বাস্থ্যৱান সন্তানৰ জন্ম এগৰাকী মাতৃৰ। জানিব পৰা মতে এগৰাকী মহিলাই ২০ ঘণ্টাৰ প্ৰসৱ বেদনাৰ পিছত ১৯ ডিচেম্বৰত তেওঁৰ প্ৰথম সন্তান আৰু ২০ ডিচেম্বৰত দ্বিতীয় সন্তানৰ জন্ম দিয়ে। আমেৰিকাৰ আলাবামা নামৰ এখন চহৰত সংঘটিত হৈছে এই বিৰল ঘটনা। এই ঘটনাটো বিৰল, কিয়নো চিকিৎসা বিজ্ঞানত এগৰাকী মহিলাৰ দুটা গৰ্ভ থকাৰ ঘটনা অতি বিৰল। সাধাৰণতে, একেটা গৰ্ভত একেলগে যমজ সন্তানৰ জন্ম হোৱাৰহে খবৰ পোৱা যায়।

আমেৰিকাৰ এই মহিলাগৰাকীৰ নাম কেলচি হেটচাৰ। যিয়ে ১৯ আৰু ২০ ডিচেম্বৰত দুয়োটা গৰ্ভৰ পৰা স্বাস্থ্যবান দুটি কন্যা সন্তানৰ জন্ম দিয়ে। চিকিৎসা ভাষাত এই দুয়োটি কন্যা সন্তানক ভ্ৰাতৃত্বপূৰ্ণ যমজ বুলি কোৱা হৈছে। কিয়নো বিভিন্ন কণীৰ পৰা জন্ম হোৱা শিশুক ভ্ৰাতৃত্বপূৰ্ণ বুলি কোৱা হয়। এইটো তেতিয়া হয় যেতিয়া দুটা বা ততোধিক কণী বিভিন্ন শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা হয়। উল্লেখ্য যে এনেধৰণৰ যমজ সন্তান একে বা বেলেগ-বেলেগো দেখাব পাৰে।

শৰীৰত দুটা গৰ্ভ কেতিয়া সৃষ্টি হয়?

লণ্ডনৰ ছেইণ্ট জৰ্জ হস্পিটেলৰ গাইনোকোলজিষ্ট প্ৰফেচাৰ অসমা খলিলৰ মতে, দ্বৈত গৰ্ভৰ অৱস্থাক Uterus Didelphys বুলি কোৱা হয়। চিকিৎসকৰ মতে এই এটা অস্বাভাৱিক জন্মগত। এনে মহিলাৰ দুটা গৰ্ভ থাকে। কিন্তু পৃথিৱীত খুব কমেই এনে মহিলা পোৱা যায়। এনে পৰিস্থিতি কিয় উদ্ভৱ হয় সেয়া এতিয়ালৈকে জনা হোৱা নাই। ইয়াৰ বাবে কোনো স্থায়ী চিকিৎসা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.