Assamhealthleatest updatenorth eastSocialSocial Networkঅসমখাদ্যদৈনিক বাতৰিস্বাস্থ্য

শৰীৰটো সুস্থ কেনেকৈ ৰাখিব ?

সুস্থশৰীৰ বাবে কি কি কৰাৰ প্ৰয়োজন ?

শৰীৰটো সুস্থ কেনেকৈ ৰাখিব ? এটা নিৰোগী দেহৰ উত্তৰাধিকাৰী হ’বলৈ আপোনাৰ মন যায় নে ?সুস্থশৰীৰ বাবে কি কি জনাৰ প্ৰয়োজন ?

১) শাৰীৰিক পৰিশ্ৰম নিতৌ নিয়মীয়াকৈ কৰিব। খোজকঢ়া , ব্যায়াম কৰা , চাইকেল , খেলাধূলা কৰা আদি কামৰ যোগেদি শাৰীৰিক পৰিশ্ৰম কৰিব পাৰি । এইবিলাক কাম কাজ নিয়মীয়াকৈ কৰি থাকিলে আমাৰ অগ্নাশয়টো সক্ৰিয় হৈ ভালে থাকে।

২) উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ কাৰণে কেঁচা নহৰু ৪/৫ ফোটাকৈ আহাৰৰ লগত নিয়মীয়াকৈ খাব পাৰে আপুনি। কেঁচা নহৰুৱে অগ্নাশয় সুস্থ কৰি ৰাখে ।

৩ নেমু জাতীয় ফল আৰু তেতেলী টেঙাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰিব পাৰে।

৪ হৃদযন্ত্ৰ অধিক শক্তিশালী কৰিবৰ বাবে অৰ্জুণ গছৰ গুড়ি চাহৰ দৰে পি খাব পাৰে । তদুপৰি কেঁচা নহৰুৱেও হৃদযন্ত্ৰ শক্তিশালী কৰিব পাৰে।

৬ আঁহজাতীয় খাদ্য যেনে কলডিল , পচলা , ঢেকীয়া , চজিনা , বেল , বন্ধাকবি , অমিতা , গাজৰ , শিলিখা , আমলখি আদি নিয়মীয়াকৈ খালে ভাল।

৭) সদায় হাঁহিমুখীয়াকৈ প্ৰফুল্লিত মনেৰে থাকিলে স্বাস্থ্যৰ কাৰণে ভাল ।

৮) সম্পূৰ্ণ পেট ভৰাই কেতিয়াও কোনো খাদ্য খাব নালাগে। পাকস্থলীৰ তিনি ভাগৰ এভাগ খাদ্যই পূৰ কৰিব লাগে , এভাগ পানীৰে পূৰ কৰি আনভাগ খালি ৰাখিব লাগে। এনেদৰে আহাৰ গ্ৰহণ কৰিলে পেটৰ শতকৰা প্ৰায় ৫০ টা ৰোগ প্ৰতিৰোধ হয়।

৯) মানসিক অতিপাত চিন্তা দূৰ কৰিব লাগে। মানসিক চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মী শাক আৰু মানিমুনিয়ে যথেষ্ট প্ৰভাৱ পেলাব পাৰে। মানসিক চিন্তুা দূৰ কৰিবৰ কাৰণে মাদক দ্ৰব্য, ধূমপান আদি কোনো পৰিস্থিতিতে কেতিয়াও গ্ৰহণ কৰিব নালাগে।

উপৰোক্ত বিষসমূহ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নিয়মীয়াকৈ মানি চলিলে আপোনাৰ সুস্থ শৰীৰ সুস্থ মন হৈ পৰিব আৰু সুখি হৈ থাকিব পাৰিব । আপোনাক সুখি হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.