Covid-19Socialঅপৰাধকেৰালাজীৱনশৈলীভাৰতৰাষ্ট্ৰীয় সুৰক্ষাস্বাস্থ্য

“গোলাপী সুৰক্ষা”! মহিলা সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ

কেৰালা চৰকাৰৰ বিশেষ পদক্ষেপ

মহিলাৰ ওপৰত বৰ্ধিত অত্যাচাৰৰ প্ৰতি লক্ষ্য ৰাখি, বিশেষকৈ ক’ভিড-১৯ ৰ দৰে জটিল সময়ৰ বাবে  কেৰালা চৰকাৰে এক বিশেষ পদক্ষেপ হাতত লৈছে।

১৯ জুলাইত সোমবাৰে,  ৰাজহুৱা আৰু  ব্যক্তিগত স্থানৰ লগতে চাইবাৰ চাডত মহিলাক সুৰক্ষিত কৰাৰ বাবে “গোলাপী সুৰক্ষা” প্ৰকল্প আৰম্ভ কৰে কেৰালা চৰকাৰে।

মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে তিৰুৱন্তপুৰমৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰকল্পটোৰ অংশ হিচাপে নিৰ্ধাৰিত বিষয়াকেইজনমানক প্ৰদান কৰে বুলেট আৰু ২০ খন চাইকেলকে ধৰি প্ৰায় ১০ খন গাড়ী আৰু ৪০ খন দুচকীয়া বাহন।

অনুষ্ঠানটোত উপস্থিত আছিল ডিজিপি অনিল কান্তকে ধৰি জ্যেষ্ঠ আৰক্ষী বিষয়াসকল।

এক চৰকাৰী বিবৃতিত জনোৱা হৈছে যে, মহিলাৰ বিৰুদ্ধে যৌতুক সম্পৰ্কীয় উৎপীড়ন,  চাইবাৰ উৎপীড়ন আৰু অন্যান্য অত্যাচাৰ প্ৰতিহত কৰিবলৈ ‘গোলাপী সুৰক্ষা’ৰ পৰিকল্পনা কৰা হৈছে।

“গোলাপী সুৰক্ষা” ৰ বাবে বিশেষভাৱে প্ৰশিক্ষিত পিংক বীট বিষয়া তৈয়াৰ কৰা হৈছে। এই বিষয়াসকল ৰাজহুৱা স্থানত উপস্থিত থাকিব আৰু ১৪ খন জিলাতে এটা গুলপীয়া নিয়ন্ত্ৰণ কক্ষ উপলব্ধ কৰা হ’ব।

চৰকাৰৰ মহিলা পন্থী পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে ৰাজ্যখনত ‘পিংক ৰোমিঅ’ নামৰ এটা সৰ্ব-মহিলা বুলেট পেট্ৰ’ল দলো আৰম্ভ  কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.