অসমসাহিত্য

‘মোন ওঁঠ মুখৰ হৃদয়’ স্ৰষ্টালৈ এইবাৰৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

২৪ ছেপ্টেম্বৰত নগাঁৱত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰদান কৰিব এই বঁটা

‘মোন ওঁঠ মুখৰ হৃদয়’ স্ৰষ্টা য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হয় এইবাৰৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। অহা ২৪ ছেপ্টেম্বৰত নগাঁৱত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰদান কৰিব এই বঁটা।

 

নগাঁৱৰ অন্যতম অগ্রণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে চলিত বৰ্ষৰ ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’ আগবঢ়াইছে অসম-অৰুণাচল প্রদেশৰ  সাংস্কৃতিক সম্প্ৰীতিলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ। অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাবিদ্যালয়ৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

 

 

উল্লেখ্য যে  ২০১৭ বৰ্ষৰ পৰাই মহাবিদ্যালয়খনে আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰি আহিছে। মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহই এক বিবৃতিযোগে জনায় এই কথা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.