Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ঘটনা, কুৱেৰী চ’কত ২ শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ…..

বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ঘটনা

কুৱেৰী চ’কত ২ শিশুক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ

ৰাইজে খেদি খেদি আটক কৰে অপহৰণকাৰীক

ৰাইজৰ ৰোষত অপহৰণকাৰী মজনুল আলী

অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ দুই শিশুক

দোষীৰ শাস্তিৰ দাবীত নিকাছী থানা ঘেৰাও ৰাইজৰ

জানিব পৰা মতে পবিত্ৰ ঈদৰ দিনাই মজনুৰ আলীয়ে শিশু দুটিক দীঘলদঙাৰ নিজৰ ঘৰৰ পৰা মটৰ চাইকেলেৰে উঠাই লৈ আহিছিল। কিন্তু ঘটনা সন্দৰ্ভত পৰিয়ালে অৱগত হোৱাৰ লগতে শিশু দুটিৰ চিঞৰ শুনি ৰাইজে অপহৰণকাৰীক খেদি খেদি নিকাছি আৰক্ষী চকীৰ অন্তৰ্গত কুৱেৰী চ’কত অপহৰণকাৰী মজনুৰ আলীক কৰায়ত্ত কৰাৰ লগতে শিশু দুটিক উদ্ধাৰ কৰে। ইফালে পবিত্ৰ ঈদৰ দিনাই সংঘটিত ঘটনাক লৈ অঞ্চলটোৰ ৰাইজে নিশা নিকাছি আৰক্ষী চকী ঘেৰাও কৰি অপৰাধীক উচিত শাস্তি দিবলৈ দাবী জনায়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button