Social Networkঅপৰাধপ্ৰযুক্তিভাৰত

বহুচৰ্চিত টিআৰপি কেলেংকাৰী! মুম্বাই আৰক্ষীৰ শপতনামাত অৰ্ণৱ গোস্বামীৰ নাম সন্নিৱিষ্ট

বহুচৰ্চিত টিআৰপি কেলেংকাৰী

বহুচৰ্চিত টিআৰপিৰ গোচৰত মুম্বাই আৰক্ষীয়ে শপতনামাত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা এংকৰ অৰ্ণৱ গোস্বামীৰ নাম সন্নিৱিষ্ট কৰিছে।

টিআৰপিৰ  কেলেংকাৰীৰ সংক্ৰান্তত যোৱা বছৰ ৰিপাব্লিক টিভিত জড়িত থকা চাৰিগৰাকী স্বত্তাধিকাৰ ক্ৰমে অৰ্ণৱ গোস্বামী, চীফ অপাৰেটিং অ’ফিচাৰ প্ৰিয়া মুখাৰ্জী, শিবেন্দু মুলেলকাৰ আৰু শিৱা সুন্দৰমৰ নাম সন্নিৱিষ্ট কৰিছে। মুম্বাই আৰক্ষীয়ে ইয়াৰ ১৮০০ পৃষ্ঠাৰ দ্বিতীয়খন পৰিপূৰক শপতনামাত সন্নিৱিষ্ট কৰিছে এইসকল লোকৰ নাম।

যোৱা বছৰৰ অক্টোবৰত মুম্বাই আৰক্ষীৰ আয়ুক্ত পৰম বীৰ সিঙে কৈছিল যে,  মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি, বক্স চিনেমা আৰু ফক্ট মাৰাঠী জড়িত থকা এক টিআৰিপি চক্ৰ উৎখাত কৰিছে। এই সন্দৰ্ভত মুম্বাই পৰম বীৰে এটা গোচৰো ৰুজু কৰিছিল।

বিএআৰচিয়ে কেইটামান টিভি চেনেলে ৰেটিং নাম্বাৰ ৰেগিং কৰাৰ অভিযোগ দাখিল কৰাৰ পাছতে টিআৰপি কেলেংকাৰী পোহৰলৈ আহিছিল।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.