Socialঅসমআঞ্চলিক

জঘন্য ঘটনা! শিৱসাগৰত কন্যাক ধৰ্ষণৰ অপচেষ্টা পিতৃৰ…

নিজৰ ৯বছৰীয়া কন্যাক ধৰ্ষণৰ কৰাৰ অপচেষ্টা পিতৃ চফিকুল ইছলামৰ৷ ঘটনা সংঘটিত কৰা পিছতেই পলায়ন কৰে পাষাণ পিতৃ চফিকুল ইছলাম৷

জঘন্য ঘটনা! শিৱসাগৰত কন্যাক ধৰ্ষণৰ অপচেষ্টা পিতৃৰ

শিৱসাগৰত চাঞ্চল্য! নিজৰ ৯বছৰীয়া কন্যাক ধৰ্ষণৰ কৰাৰ অপচেষ্টা পিতৃ চফিকুল ইছলামৰ৷ ঘটনা সংঘটিত কৰা পিছতেই পলায়ন কৰে পাষাণ পিতৃ চফিকুল ইছলাম৷

পলাতক হৈ থকা চফিকুল ইছলামক আটক কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষী। শিৱসাগৰৰ দৰবাৰ ৰোডত ভাড়াতীয়া হিচাপে থকা চফিকুল ইছলামৰ ঘৰ নগাঁৱৰ জুৰীয়াত।

উল্লেখযোগ্য যে চফিকুল ইছলামৰ নিজ পত্নী নুজোমা বেগমে ৬ আগষ্টত শিৱসাগৰ সদৰ থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ। উক্ত দিনটোৰ পৰা পলাতক হৈ আছিল চফিকুল ইছলাম নামৰ পাষাণ পিতৃ। শিৱসাগৰ আৰক্ষীয়ে সদৰ থানাত ৰুজু হোৱা ৩০৫ নং গোচৰৰ ভিত্তিত চফিকুল ইছলামক আটক কৰি বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 6 =

Back to top button