অপৰাধভাৰত

পিতৃৰ অমতত বিয়াত বহিছিল জীয়ৰী, খঙাল পিতৃয়ে জীৱন্তে জ্বলাই দিলে জী-জোঁৱাইক…

অৱশ্যে, এই ঘটনাৰ সময়ত ঘৰত নাছিল ফৌজিয়া বিবিৰ স্বামী। কৰ্মস্থলীত থকা মেহবুব আহমেদে পিছদিনা পুৱা ঘৰলৈ আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা।

জীয়ৰীৰৰ সিদ্ধান্তক লৈ অসন্তুষ্ট পিতৃ। অসন্তুষ্ট পিতৃয়ে জ্বলাই দিলে জীয়ৰীৰ ঘৰ। এই ঘটনা সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ মুজাফৰগড় জিলাত শনিবাৰে নিশা খঙাল পিতৃয়ে জ্বলালে জীয়ৰীৰ বাসগৃহ।

পৰিয়ালৰ লোকসকলে শুই থকাৰ সময়তে মঞ্জুৰ হুছেইন নামৰ লোকজনে জীয়ৰীৰ বাসগৃহ জ্বলাই দিয়াৰ ফলত পৰিয়ালৰ সাতজন সদস্য জীৱন্তে অগ্নিদগ্ধ হয়।

মঞ্জুৰ হুছেইনৰ দুই জীয়ৰী ক্ৰমে ফৌজিয়া বিবি আৰু খুৰছিদ মাইয়ে একেলগে বসবাস কৰিছিল ঘৰটোত। ঘৰটো জ্বলাই দিয়াৰ ফলত ফৌজিয়া বিবিৰ চাৰিমহীয়া সন্তান, খুৰছিদ মাইৰ দুই, ছয় আৰু তেৰ বছৰীয়া তিনিটি সন্তানৰ লগতে খুৰছিদ মাইৰ স্বামীও জীৱন্তে অগ্নিদগ্ধ হয়।

পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।
অৱশ্যে, এই ঘটনাৰ সময়ত ঘৰত নাছিল ফৌজিয়া বিবিৰ স্বামী। কৰ্মস্থলীত থকা মেহবুব আহমেদে পিছদিনা পুৱা ঘৰলৈ আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা।

উল্লেখ্য যে, মাত্ৰ ১৮ মাহ পূৰ্বে ফৌজিয়া বিবিৰ পিতৃৰ অমতত বিবাহপাশত আৱদ্ধ হৈছিল ফৌজিয়া বিবি আৰু মেহবুব আহমেদ। সেয়েহে মেহবুব আহমেদৰ শহুৰেক মঞ্জুৰ হুছেইনে এই ঘটনা সংঘটিত কৰাৰ কথা ব্যক্ত কৰে মেহবুবে।

ইতিমধ্যে অপৰাধী মঞ্জুৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। কিন্তু ঘটনা সংঘটিত কৰি এতিয়াও পলাতক অৱস্থাত আছে মঞ্জুৰ হুছেইন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button