nationalভাৰত

নয়ডাৰ হিং/সা/ৰ আঁৰত পাকিস্তান! এইপৰ্যন্ত গ্ৰেপ্তাৰ ৩ শতাধিক

মঙলবাৰে পুনৰ উত্তপ্ত হৈ পৰিল নয়ডা। পুৱা নয়ডাৰ চেক্টৰ ৮০-ত বিক্ষোভ প্রদর্শন কৰা শ্ৰমিকক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰা আৰক্ষীক লক্ষ্য কৰি একাংশই নিক্ষেপ কৰে ইটা-শিল ৷ সমান্তৰালভাৱে চৰকাৰৰ পৰ্যাপ্ত বেতন বৃদ্ধিৰ সিদ্ধান্ত নোলোৱাৰো অভিযোগ তোলে শ্ৰমিকসকলে ৷

শ্ৰমিকৰ উত্তাল প্ৰতিবাদত কঁপিছে দেশ। বেতন বৃদ্ধিৰ দাবীত এটা কাৰখানাৰ শ্ৰমিকে কৰা প্ৰতিবাদে সোমবাৰে নয়ডাত লৈছিল হিংসাত্মক ৰূপ ৷ যান-জঁট ৰোধৰ বাবে পথ অৱৰোধ কৰা শ্ৰমিকক আৰক্ষীয়ে আঁতৰাই পঠোৱাৰ চেষ্টা চলোৱাক লৈ হঠাৎ উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি৷ আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হৈছিল একাংশ শ্ৰমিক ৷ নয়ডাৰ ফেজ ২ এলেকাৰ চেক্টৰ ১ আৰু ৮৪-ত আৰক্ষীক লক্ষ্য কৰি একাংশ শ্ৰমিকে নিক্ষেপ কৰিছিল ইটা, শিল। লগে লগে বিক্ষোভকাৰীক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ পিছতে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছিল৷

বিক্ষোভকাৰীয়ে আৰক্ষীৰ লগতে আন বহুকেইখন গাড়ী ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে জ্বলাই দিছিল আন কেইবাখনো গাড়ী৷ এই ঘটনাৰ পিছতে সোমবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে ১ এপ্রিলৰ পৰা কাৰ্যকৰী হোৱাকৈ শ্রমিকৰ ন্যূনতম বেতন বৃদ্ধিৰ কথা ঘোষণা কৰে। সর্বোচ্চ তিনি হাজাৰ টকা বৃদ্ধিৰ ঘোষণা চৰকাৰৰ। কিন্তু এই চৰকাৰী ঘোষণাৰ পিছতো পৰিস্থিতি স্বাভাৱিক নহ’ল৷

মঙলবাৰে পুনৰ উত্তপ্ত হৈ পৰিল নয়ডা। পুৱা নয়ডাৰ চেক্টৰ ৮০-ত বিক্ষোভ প্রদর্শন কৰা শ্ৰমিকক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰা আৰক্ষীক লক্ষ্য কৰি একাংশই নিক্ষেপ কৰে ইটা-শিল ৷ সমান্তৰালভাৱে চৰকাৰৰ পৰ্যাপ্ত বেতন বৃদ্ধিৰ সিদ্ধান্ত নোলোৱাৰো অভিযোগ তোলে শ্ৰমিকসকলে ৷ শ্ৰমিকৰ দাবী, কাৰখানাৰ গেটৰ সন্মুখত বেতন বৃদ্ধিৰ পৰিমাণসহ আঁৰি দিব লাগিব তালিকা ।

ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ শ্ৰম মন্ত্ৰী অনিল ৰাজভৰে এই বিক্ষোভৰ আঁৰত পাকিস্তানৰ সংযোগ থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ মন্ত্ৰীজনৰ মতে-এয়া এক পৰিকল্পিত ষড়যন্ত্র। সেই অঞ্চলৰ পৰা শেহতীয়াকৈ পাকিস্তানী সন্ত্ৰাসবাদী সন্দেহত কেইবাজনকো গ্রেপ্তাৰ কৰাৰ প্রসংগ টানি আনি বিক্ষোভত পাকিস্তান-সংযোগ থকাৰ সম্ভাৱনা থাকিব পাৰে বুলি উল্লেখ কৰে। ইতিমধ্যেই হিংসাত জড়িত থকাৰ অভিযোগত ৩ শতাধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে পাকিস্তান-সংযোগৰ বিষয়টোও তদন্ত কৰি থকা বুলি প্ৰকাশ পাইছে আৰক্ষীৰ সূত্ৰত। আৰক্ষীৰ দাবী, সোমবাৰে সমগ্ৰ চহৰখনকে অচল কৰি দিছিল বিক্ষোভকাৰীয়ে। ওলাই আহিছিল ৪০-৪৫ হাজাৰ শ্রমিক। নয়ডাৰ প্ৰায় ৮০ স্থানত সৃষ্টি হৈছিল অশান্ত পৰিৱেশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 3 =

Back to top button