গুজৰাট

জীৱনসংগী পচন্দ নোহোৱাৰ বাবে আত্মহত্যা যুৱতীৰ

গৰাকী অতি কম বয়সীয়া নাৰ্চে নিজৰ মনে বিচৰা ধৰণে সঙ্গী  নোপোৱাৰ বাবে  এক কঠোৰ পদক্ষেপ বাচি লয়

প্ৰতিজনী প্ৰাপ্তবসস্ক ছোৱালী বা ল’ৰাই তেওঁলোকৰ সঙ্গী বাছনি কৰি সপোনৰ বিবাহ হোৱাৰ সপোন দেখে। যেতিয়া সেই সপোন ভাঙি যায়, তেতিয়াই ব্যক্তিজন হতাশাত ভুগে। কিয়নো মানৱ মনোবিজ্ঞানে সাধাৰণতে হতাশাৰ পিছত নেতিবাচক ধৰণে কাম কৰা আৰম্ভ কৰে।

গুজৰাটত এটা অতি দুখজনক ঘটনা সংঘটিত হৈছে।  এগৰাকী অতি কম বয়সীয়া নাৰ্চে নিজৰ মনে বিচৰা ধৰণে সঙ্গী  নোপোৱাৰ বাবে  এক কঠোৰ পদক্ষেপ বাচি লয়।

এগৰাকী ২২ বছৰীয়া নাৰ্চে তাইৰ মাক-দেউতাকে বাছনি কৰা জীৱন সংগীত অসন্তুষ্ট হৈ ফাঁচীত ওলমি নিজৰ জীৱন শেষ কৰে। গুজৰাটৰ ভাৱনগৰৰ ছাৰ তখতাসিংহজী জেনেৰেল হস্পিটেলৰ ভিতৰত নাৰ্চেগৰাৰীয়ে কৰিলে আত্মহত্যা।

চিকিৎসালয়ত ঠিকাভিত্তিক নাৰ্ছ হিচাপে কাম কৰি আছিল আৰু মাত্ৰ ডেৰ মাহ আগতে প্ৰতিষ্ঠানটোত যোগদান কৰিছিল।

চিকিৎসালয়ৰ কৰ্মীসকলে চিকিৎসালয়ৰ কোঠাত চিলিং ফেনত বান্ধি থোৱা ৰচীৰে অমি নামৰ নাৰ্চগৰাকীক ওলমি থকা অৱস্থাত পাই। মৃতদেহটোৰ ওচৰৰ পৰা আৰক্ষীয়ে এখন চুইচাইড নোট পোৱা দেখা গৈছে।

আৰক্ষীয়ে অৱশ্যে নাৰ্চগৰাকীৰ মৃত্যুৰ কাৰণ জানিবৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.