জম্মু-কাশ্মীৰভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

কাৰ্গিল যুদ্ধৰ ২২ বছৰ, শ্বহীদ বীৰ পুত্ৰক সুঁৱৰি গৰ্বিত পিতৃয়ে ক’লে বিভীষিকাময় পৰিস্থিতিৰ কথা

এই কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিছিল ৫২৭ জন ভাৰতীয় জোৱানে

ভাৰত-পাকিস্তানৰ কাৰ্গিলত হোৱা যুদ্ধ প্ৰত্যেকজন ভাৰতীয়ৰে মনত খামুচি থকা এখন যুদ্ধ। আজিৰ পৰা ২২ বছৰ পূৰ্বে কাৰ্গিলত দেশ মাতৃক সুৰক্ষা দিয়াৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ কৰি আপ্ৰাণ চেষ্টাৰে যুদ্ধ কৰিছিল ভাৰতীয় জোৱানে। এই কাৰ্গিল যুদ্ধই অতিক্ৰমিলে ২২ টা বছৰ।

১৯৯৯ চনৰ ২৬ জুলাইত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ নিচান উৰুৱাইছিল ভাৰতীয় জোৱানে। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে উদযাপন কৰা হয় ‘কাৰ্গিল বিজয় দিৱস’। ভাৰতীয় সেনাৰ বিজয় অভিযানৰ বাবেই উদযাপন কৰা হয় এই বিশেষ দিনটো। ১৯৯৯ চনত পাকিস্তানৰ হাতৰ পৰা ভাৰতৰ মাটি উদ্ধাৰ কৰাৰ বাবেই যুদ্ধত মিলিত হৈছিল ভাৰতীয় সেনা।

১৯৯৯ চনৰ ৩ মে’ৰ পৰা ২৬ জুলাইলৈকে কাশ্মীৰত হৈছিল এই কাৰ্গিল যুদ্ধ। ৬০ দিনীয়া এই যুদ্ধত প্ৰাণ আহুতি দিছিল বহু ভাৰতীয় জোৱানে। এই যুদ্ধত অসমৰ বীৰ জোৱান কেপ্টেইন জিন্টু গগৈৰ লগতে জীৱন আহুতি দিছিল কেপ্টেইন মনোজ পাণ্ডেই। সোমবাৰে শ্বহীদ পুত্ৰক সুঁৱৰি পিতৃ গোপীচান্দ পাণ্ডেই কয় যে, ‘কাৰ্গিল যুদ্ধ আছিল বিশ্বৰ আটাইতকৈ কঠিন যুদ্ধ। য’ত শত্ৰু সৈন্যৰ ওচৰত যথেষ্ট উপায় আৰু সুবিধা আছিল, কিন্তু ভাৰতীয় সৈন্যই যথেষ্ট কষ্ট কৰি শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল দেশ’।

গোপীচান্দ পাণ্ডেই কয় যে, ‘মই মোৰ সন্তানক লৈ যথেষ্ট গৰ্বিত। কাৰণ এজন ভাৰতীয় সেনা হিচাপে দায়িত্ব লৈছিল মোৰ সন্তানে। মই গৌৰৱ কৰো যে দেশমাতৃৰ স্বাৰ্থত যুদ্ধ কৰি দেশক ৰক্ষা কৰিলে মোৰ সন্তানে। সি সমগ্ৰ দেশক গৌৰৱাণ্বিত কৰিছে। মই সুখী যে তাৰ নামেৰে নামাংকৰণ কৰা হৈছে UP সৈনিক স্কুল’।

উল্লেখযোগ্য যে, কাৰ্গিলৰ সেই বিভীষিকাময় যুদ্ধৰ সময়ত যথেষ্ট বেয়া আছিল পৰিস্থিতি। কিয়নো পৰ্বতৰ শিখৰত বাহৰ পাতিছিল পকিস্তানী শত্ৰু সৈন্যই। সুউচ্চ পৰ্বতত বাহৰ পতা শত্ৰুৱে পৰ্বতৰ শিখৰৰ পৰা ভাৰতীয় সৈন্যক আক্ৰমণ কৰিছিল । এই কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিছিল ৫২৭ জন ভাৰতীয় জোৱানে।

শত্ৰু সৈন্যৰ চলনাকো প্ৰতিহত কৰি ভাৰতীয় সেনাই অশেষ কষ্টৰে আঁতৰাই পঠাবলৈ সক্ষম হৈছিল পাকিস্তানী সেনাক। আজিৰ পৰা ২২ বছৰ পূৰ্বে ২৬ জুলাইত ইতিহাস ৰচিছিল ভাৰতীয় সেনাই। আজিৰ এই ‘কাৰ্গিল বিজয় দিৱস’ৰ দিনটোত ভাৰতবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে ভাৰতীয় সেনাৰ বীৰ জোৱানক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.