ভাৰতৰাজনৈতিক
Trending

সংসদত যুৱৰাজৰ SWAG! ট্ৰেক্টৰত উঠি সংসদত প্ৰৱেশ ৰাহুল গান্ধীৰ

কৃষি আইন বাতিলৰ দাবীৰে সংসদলৈ ট্ৰেক্টৰ লৈ আহিল কংগ্ৰেছ নেতাগৰাকী

পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কৃষি আইন বাতিলৰ দাবীৰে সংসদলৈ ট্ৰেক্টৰ লৈ আহিল কংগ্ৰেছ নেতাগৰাকী।

এখন ৰঙা ট্ৰেক্টৰত উঠি বগা চোলা, বগা মাস্ক পৰিধান কৰি কৃষকৰ বতৰা লৈ সংসদলৈ আহিছে ৰাহুল গান্ধী। তেওঁ কয় যে, কৃষকৰ মনৰ বতৰা শুনিবলৈ সাজু নহয় চৰকাৰ। এই ক’লা আইন বাতিলৰ দাবীৰে সেয়েহে সংসদলৈ ট্ৰেক্টৰ লৈ আহিছে যুৱৰাজ।

আনকি এক টুইটযোগে ৰাহুল গান্ধীয়ে কয় যে,’Tractors will run in Parliament’ অৰ্থাৎ ‘সংসদত ট্ৰেক্টৰ চলিব’।

অন্যহাতে, বিজেপিয়ে দাবী কৰিছে যে, বিৰোধী দলে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে কৃষকসকলক। ৰাহুল গান্ধীয়ে ৰাজনীতিক লৈ খেলা কৰিছে বুলি জনায় বিজেপি নেতাসকলে।

উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা দিল্লী সীমান্তত কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে দেশৰ কৃষকসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 8 =

Back to top button