অসমউৎসৱধৰ্মীয়ধাৰ্মিক

আজি পবিত্ৰ মহালয়া। দুৰ্গা পূজাৰ সৈতে কি সম্পৰ্ক মহালয়াৰ!

মহিষা মৰ্দিনী দশভূজাৰ মৰতলৈ আগমনৰ সময় এয়া

আজি পবিত্ৰ মহালয়া। মহিষা মৰ্দিনী দশভূজাৰ মৰতলৈ আগমনৰ সময়। পুৱাৰে পৰা চণ্ডী পাঠেৰে মুখৰিত ৰাজ্যৰ চৌপাশ। এইবাৰ হস্তীত উঠি ধৰালৈ আগমণ ঘটিল মা দূৰ্গাৰ।

 

এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গীৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকিব মৃৎ শিল্পীসকলে।

 

জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দূৰ্গা। মহালয়াৰ দিনা ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দূৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই ৰাতিতে উঠি প্ৰাতঃভ্ৰমণ কৰে। উল্লেখ্য যে, বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিন হৈছে মহালয়া। অৰ্থাৎ পিতৃপক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণিৰ সময়ছোৱাক কোৱা হয় মহালয়া বুলি। পিতৃপক্ষ মহালয়াৰ অন্তিম দিন। মহালয়াৰ ঠিক পিচদিনাৰ পৰাই আৰম্ভ হয় দেৱীপক্ষৰ আৰু সকলো অশুভ শক্তি ধ্বংস হয়। দেৱীপক্ষৰ আৰম্ভণি দিনটোৰ পৰা দেৱী বিসৰ্জন দিয়া লৈকে মুঠ নদিনক কোৱা হয় নৱৰাত্ৰি বুলি।

 

মহালয়ৰ আছে এক বিশেষ তাৎপৰ্য। মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা। একাংশৰ মতে, লয় মানে তৰংগ অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ বিকৰ্ষণ সৃষ্টি হয়। ইয়াৰ মুল তাৎপৰ্য এয়ে যে, যি পৰম তত্তৰ পৰা সকলো তত্তৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। লোকবিশ্বাস অনুসৰি, মহালয়াৰ দিনটোতে মা দূর্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.