অসমআঞ্চলিক

পূজাতেই সু-খবৰ! ১৫০টা পৰিয়ালক ৭৪০ বিঘা মাটিৰ অধিকাৰ চৰকাৰৰ

টিংখাঙৰ লাচিত নগৰ বাংলাবাৰী ৰাইজৰ বাবে পূজাৰ বতৰত আহিল ভাল খবৰ

পূজাৰ বতৰত সু-খবৰ! ১৫০টা পৰিয়ালক ৭৪০ বিঘা মাটিৰ অধিকাৰ চৰকাৰৰ

যুগ যুগ ধৰি ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙ বিধানসভা সমষ্টিৰ অন্তৰ্গত জুকটলি চাহবাগিছাৰ দখলিকৃত ভূমিত বাস কৰি থকা টিংখাঙৰ লাচিত নগৰ বাংলাবাৰী ৰাইজৰ বাবে পূজাৰ বতৰত আহিল ভাল খবৰ।

প্ৰায় ১৫০টা পৰিয়ালক ৭৪০ বিঘা ভূমিৰ অধিকাৰ প্ৰদানৰ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। ৰাজ্যচৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ বাসগৃহত অনুষ্ঠিত এক সভাত মন্ত্ৰী বিমল বড়াই জানিবলৈ দিয়ে যে মিচন বসুন্ধৰা আঁ‌চনিৰ অধীনত পৰিয়াল সমূহক প্ৰদান কৰা হৈছে এই অধিকাৰ।

ইফালে পূজাৰ বতৰত লাচিত নগৰ বাংলাবাৰী ৰাইজে এই খবৰ লাভ কৰাৰ পিছতে অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ অসম চৰকাৰক আৰু মন্ত্ৰী বিমল বড়াক ধন্যবাদ জ্ঞাপন কৰে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.